টাটা মটৰ্ছে চাউথ ইণ্ডিয়ান বেংকৰ সৈতে অংশীদাৰিত্ব কৰি কৰ্তৃত্বপ্ৰাপ্ত যাত্ৰীবাহী বৈদ্যুতিক বাহন ডিলাৰৰ বাবে একচেটিয়া বিশেষ বিত্তীয় কাৰ্যসূচী আগবঢ়াইছে আৰু সকলো গ্ৰাহকক বিস্তৃত খুচুৰা বিত্তীয় সমাধান আগবঢ়াইছে। এই অংশীদাৰিত্বৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে টাটা মটৰ্ছৰ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ ছিনিয়ৰ জেনেৰেল মেনেজাৰ – নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি চেলছৰ ৰমেশ দোৰাইৰাজন আৰু চাউথ ইণ্ডিয়ান বেংকৰ ট্ৰেন্সজেকচন বেংকিং গ্ৰুপৰ মুৰব্বী প্ৰবীণ জয়ে।
এই অংশীদাৰিত্ব সন্দৰ্ভত উল্লেখ কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক – নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি চেলছৰ ৰমেশ দোৰাইৰাজনে কয় যে, “ভাৰতত ই ভি গ্ৰহণ কৰাটো আমাৰ ৰণনীতিৰ এক অবিচ্ছেদ্য অংশ আৰু আমি ইয়াৰ সৈতে সংযোজিত সহযোগী সকলক পাই সুখী। আমাৰ অনুমোদিত বৈদ্যুতিক যাত্ৰীবাহী বাহন ব্যৱসায়ীৰ বাবে একচেটিয়া বিত্তীয় কাৰ্যসূচীৰ বাবে চাউথ ইণ্ডিয়ান বেংকৰ সৈতে এই অংশীদাৰিত্ব এই দিশত এক পদক্ষেপ।”
৭১% বজাৰ অংশীদাৰিত্ব আৰু ব্যক্তিগত আৰু ফ্লীট ছেগমেণ্টত উৎপাদিত ৯০,০০০ৰো অধিক ই ভিৰ সৈতে ভাৰতীয় অটোমোটিভ মাৰ্কেটত আগবাঢ়ি আছে টাটা মটৰ্ছ। বেংকিং খণ্ডৰ আটাইতকৈ যুৱ কৰ্মচাৰীৰ সৈতে প্ৰযুক্তি-আধাৰিত বেঙ্কিঙৰ আগশাৰীৰ প্ৰতিষ্ঠান চাউথ ইণ্ডিয়ান বেংকে ডিজিটেল সামগ্ৰী আৰু সেৱা আগবঢ়ায়। বেংকৰ ভিজন ২০২৪ত ৬টা চি – মূলধন, চিএএছএ, ব্যয়ৰ পৰা আয়লৈ, দক্ষতা গঢ়ি তোলা, গ্ৰাহকৰ মনোযোগ আৰু অনুসৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।