কোৰোনা মহামাৰীক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে সকাহ পোৱা গৈছে। বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ১৮-,৮৭০ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৩৭৮ জন কোভিড ৰোগীৰ মৃত্যু ঘটে। আনহাতে, এই সময়ছোৱাত ২৮,১৭৮ জন লোক আৰোগ্য হৈছে। বৰ্তমান ভাৰতত 2,৮২,৫২০ জন সক্ৰিয় কোৰোনা ৰোগী আছে।
যোৱা তিনিদিনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মঙলবাৰে ১৮,৭৯৫ জন লোক কোৰোনাত আক্ৰান্ত হৈছিল আৰু ১৭৯ জনৰ মৃত্যু ঘটিছিল। ইয়াৰ পূৰ্বে সোমবাৰে আক্ৰান্তৰ সংখ্যা আছিল ২৬,০৪১ জন আৰু ২৭৬ জনৰ কোভিডৰ ফলত মৃত্যু ঘটিছিল।
ভাৰতত ক্ৰমাগতভাৱে হ্ৰাস পোৱা কোভিড সংক্ৰমণে উৎসৱৰ বতৰত দেশবাসীক কিছু সকাহ দিছে।