২০১৯ চনৰ উইম্বলডন চেম্পিয়ন ৰোমানিয়াৰ চিমোনা হালেপে উইম্বলডনত একেৰাহে দ্বাদশ জয়লাভ কৰি তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত উপনীত হৈছে। বুধবাৰে নিশা কোৱাৰ্টাৰ ফাইনেলত চিমোনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০তম স্থানৰ আমাণ্ডা আনিচিমোভাক পোনপটীয়া ছেটত ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। একে সময়তে কাজাখস্তানৰ ১৭ তম শ্ৰেণীৰ এলিনা ৰিবাচিনাই অষ্ট্ৰেলিয়াৰ আজলা টমজানোভিকক ৪-৬, ৬-২, ৬-৩ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে যিকোনো গ্ৰেণ্ড শ্লেমৰ অন্তিম চাৰিখনত উপনীত হয়। আনিচিমোভাক পৰাস্ত কৰিবলৈ চিমোনাই এক ঘণ্টা তিনি মিনিট সময় লৈছিল। উল্লেখ্য যে চিমোনা হালেপে আঘাতৰ বাবে যোৱা বছৰ উইম্বলডনত খেলিব নোৱাৰিলে আৰু নিজৰ খিতাপ ৰক্ষা কৰিব নোৱাৰিলে। চিমোনাই কৈছিল যে এইবাৰ তেওঁ বহু প্ৰস্তুতি চলাই অৱতীৰ্ণ হৈছে। আনহাতে, পুৰুষৰ কোৱাৰ্টাৰ ফাইনেলত নিক কিৰ্গিঅছে গাৰিনক পৰাস্ত কৰি অন্তিম-চাৰিলৈ অগ্ৰসৰ হয়। কিৰ্গিঅছে গাৰিনক ৬-৪, ৬-৩, ৭-৫ ত পৰাস্ত কৰে। ইয়াৰ উপৰিও নভাক জক’ভিচ আৰু কেমেৰুন নৰিয়ে ইতিমধ্যে ছেমি ফাইনেলত উপনীত হৈছে। টি ফ্ৰিটজ আৰু ৰাফেল নাদালৰ মাজত চলি থকা খেলখনৰ বিজয়ীৰে মুখামুখি হ’ব কিৰ্গিঅ’ছ।খিতাপ অৰ্জনৰ শক্তিশালী প্ৰতিদ্বন্দী চিমোনাই এই বছৰ এতিয়ালৈকে উইম্বলডনত পাঁচখন মেচ খেলিছে। পাঁচোখন খেলতে, তেওঁ এটাও ছেট হেৰুৱা নাই। চিমোনাই গোটেই খেলখনত চাৰিবাৰ আমাণ্ডাৰ চাৰ্ভ ভাঙিবলৈ সক্ষম হয়। একে সময়তে, এলিনাৰ প্ৰথম ৰাউণ্ডৰ খেলখন বাতিল কৰা হয়। তেওঁ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডৰ মেচত কোনো ছেট নোহোৱাকৈ জিকিছে, যাৰ স্বত্বেও তেওঁৰ সকলো বোৰ মেচ কঠিন প্ৰমাণিত হৈছে। এক ঘণ্টা ৫১ মিনিট ধৰি চলি থকা কোৱাৰ্টাৰ ফাইলত, এলিনাই প্ৰথম ছেটটো ৪-৬ ত হেৰুৱাইছিল, কিন্তু তেওঁ শেষৰ দুটা ছেট জিকিবলৈ উভতি আহিছিল। টেনিছত এতিয়ালৈকে আৰৱ দেশৰ কোনো খেলুৱৈয়ে যি কৃতিত্ব অৰ্জন কৰা নাই সেয়া টিউনিছিয়াৰ ২৭ বছৰীয়া অন্স জিউয়েৰে অৰ্জন কৰিছে। জেবুয়েৰে উইম্বলডনৰ ছেমি ফাইনেলত উপনীত হৈ ইতিহাস সৃষ্টি কৰিছে। তেওঁ যিকোনো আৰৱ দেশৰ পৰা যিকোনো গ্ৰেণ্ড শ্লেমৰ ছেমিফাইনেলত উপনীত হোৱা প্ৰথম গৰাকী খেলুৱৈ হৈ পৰিছে। অনছে যোৱা বছৰ উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল। কোৱাৰ্টাৰ ফাইনেলত অন্সে মঙলবাৰে চেক গণৰাজ্যৰ মেৰী বৌজকোভাক ৩-৬, ৬-১, ৬-১ ব্যৱধানত পৰাস্ত কৰে।