একাপ চাহৰ বাবেই সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড। চাহক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ পিছতে পত্নীক নিৰ্মমভাৱে হত্যা কৰে স্বামীয়ে। দম্পতীহালৰ পুত্ৰৰ পৰা এজাহাৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী লোকজনক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।
জানিব পৰা মতে ধৰমবীৰ নামৰ এজন ব্যক্তিয়ে পত্নী সুন্দৰীৰ লগত চাহক লৈ কাজিয়াত লিপ্ত হৈছিল। অভিযোগ অনুসৰি ইয়াৰ পিছতে কাজিয়া তীব্ৰতৰ হৈ পৰে। সেই সময়ত ধৰমবীৰে তৰোৱালৰ দৰে চোকা অস্ত্ৰ লৈ দৌৰি আহি পত্নীৰ ওপৰত আক্ৰমণ চলায়। যাৰ ফলত থিতাতে ঢলি পৰি মৃত্যু ঘটে মহিলাগৰাকীৰ। ইফালে ঘটনাৰ পিছতে পলায়ন কৰে ধৰমবীৰে।
দম্পতীহালৰ পুত্ৰৰ এজাহাৰ লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। একে সময়তে আৰক্ষীয়ে অভিযোগকাৰীৰ পুত্ৰই দাখিল কৰা এজাহাৰৰ তদন্ত আৰম্ভ কৰে। ধৰমবীৰক গ্ৰেপ্তাৰ কৰা হয়। সমগ্ৰ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা অৱস্থাত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ‘ফজলগড়ত এগৰাকী ৫০ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ তথ্য আমি পাইছোঁ। অভিযোগ অনুসৰি যোৱা ১৯ ডিচেম্বৰৰ পুৱা প্ৰায় ৮ বজাত ঘৰত চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰিছিল এজন লোকে। কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তক জিম্মাত লৈ জেৰা আৰম্ভ কৰা হৈছে।”