মুম্বাই চিটি এফ চিয়ে শুকুৰবাৰে ইয়াত এএফচি চেম্পিয়নছ লীগ ফুটবলৰ প্ৰথমখন খেলত চৌদি আৰৱৰ আল চাবাবৰ বিৰুদ্ধে ৩-০ গ’লৰ পৰাজয়ৰ সন্মুখীন হয়। আল চাবাব ক্লাবে সাত বছৰৰ পিছত এই মহাদেশীয় ফুটবল প্ৰতিযোগিতালৈ উভতি আহিছে। উল্লেখ্য যে ভাৰতৰ মুম্বাই চিটি এফ চিক গ্ৰুপ বিত ৰখা হৈছে। আল চাবাবৰ হৈ আৰ্জেণ্টিনাৰ এভাৰ বনেগা (৩৬ তম আৰু ৬৮ মিনিট) দুটা গ’ল কৰে। আনহাতে তুৰ্কী আল আম্মাৰেও (৭৭ তম মিনিট) এটা গ’ল কৰে। বনেগাই প্ৰিন্স ফৈজল বিন ফাহাদ ষ্টেডিয়ামত পেনাল্টিত প্ৰথমটো গ’ল কৰে। মুম্বাই চিটি হৈছে এফ চি গোৱাৰ পিছত দ্বিতীয় ভাৰতীয় ক্লাব, যিয়ে এএফচি চেম্পিয়নছ লীগৰ গ্ৰুপ পৰ্যায়ত প্ৰৱেশ কৰিছে। আল-চাবাবৰ দলটোৱে সোমবাৰে ইউএই চেম্পিয়ন আল জাজিৰাৰ সৈতে মুখামুখি হ’ব। আনহাতে মুম্বাই চিটিয়ে একেদিনাই তিনিবাৰৰ এএফচি কাপ চেম্পিয়ন ইৰাকৰ এয়াৰ ফৰ্চ ক্লাবৰ মুখামুখি হ’ব।