ভাৰতৰ আগশাৰীৰ ইনচুৰটেক প্ৰতিষ্ঠান ইঞ্চুৰেন্স দেখোৱে চলি থকা ছিৰিজ বি ফাণ্ডিং ৰাউণ্ডত ৬০ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে, যি কোম্পানীটোৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ইকুইটি আৰু ঋণৰ মিশ্ৰণ এই শেহতীয়া মূলধন ইনফিউজনৰ জৰিয়তে কোম্পানীটোৱে নতুন মাৰ্কি বিনিয়োগকাৰীক নিজৰ কেপ টেবুললৈ আকৰ্ষণ কৰাৰ লগতে বৰ্তমানৰ বিনিয়োগকাৰীৰ আস্থাক পুনৰ দৃঢ় কৰিছে। ২০২৩ চনত গুৰুগ্ৰামস্থিত ষ্টাৰ্টআপটোৰ বাবে এয়া দ্বিতীয় ধন সংগ্ৰহ। ইয়াৰ জৰিয়তে মুঠ ধন সংগ্ৰহ $২০০মিলিয়ন+লৈ বৃদ্ধি পাইছে, যাৰ ফলত নিজৰ আগশাৰীৰ ভাৰতীয় বীমা প্ৰযুক্তি প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান আৰু অধিক সুদৃঢ় কৰিছে।
জাপানৰ প্ৰতিষ্ঠান মিটছুবিচি ইউএফজে ফাইনেন্সিয়েল গ্ৰুপ ইংক. (“এম ইউ এফ জি”), বিএনপি পৰিবাছ কাৰ্ডিফ, ইউৰেজিঅ’ৰ ইনচুৰটেক ফাণ্ড, বিমছ ফিনটেক ফাণ্ড আৰু যোগেশ মহানছৰিয়া ফেমিলী অফিচে বীমা খণ্ডত নতুন বিনিয়োগকাৰী হিচাপে যোগ দিছে। টিভিএছ কেপিটেল, গোল্ডমেন চেকছ এচেট মেনেজমেণ্ট আৰু অৱতাৰ ভেঞ্চাৰ্ছসহ কেইবাটাও বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে দক্ষিণ এছিয়াৰ বীমা প্ৰযুক্তি প্ৰতিষ্ঠানে সংগ্ৰহ কৰা সৰ্ববৃহৎ ছিৰিজ এ পুঁজিত ইঞ্চুৰেন্স দেখোৱে ১৫০ মিলিয়ন ডলাৰ লাভ কৰিছে।
ইনচুৰটেক প্ৰতিষ্ঠানখনে এই ধনৰাশি বিপণন বৃদ্ধি, ভাৰতত বিতৰণ সম্প্ৰসাৰণ, প্ৰযুক্তি প্লেটফৰ্ম বৃদ্ধি, ইনঅৰ্গেনিক(অজৈৱিক) বৃদ্ধিৰ সুযোগ অন্বেষণ আৰু পুনৰ বীমাৰ দৰে নতুন পদক্ষেপ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এই বিষয়ে ইঞ্চুৰেন্স দেখোৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাপক অংকিত আগৰৱালে কয় যে, “ভাৰতৰ বীমা খণ্ডটো প্ৰযুক্তি সমৰ্থিত বিপ্লৱৰ শিখৰত আছে আৰু মই বিশ্বাস কৰোঁ যে ইঞ্চুৰেন্স দেখোৱে এই পৰিৱৰ্তনৰ নেতৃত্ব দিয়া অন্যতম অগ্ৰণী প্ৰতিষ্ঠান হিচাপে সঠিক স্থানত আছে।”