অভিনেতাৰ ৰূপত অনুৰাগীৰ মাজলৈ আহিছে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং। যোৱা শুকুৰবাৰে মুক্তিলাভ কৰা ‘ফ্রেণ্ডশ্বিপ’ নামৰ তামিল ছবিখনত অভিনেতাৰ ৰূপত আত্মপ্ৰকাশ কৰিছে হৰভজন সিঙে।
ক্ৰীড়া আৰু হস্যৰসৰ সন্মিলিত ‘ফ্রেণ্ডশ্বিপ’ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন ক্ৰিকেটৰগৰাকীয়ে। ছবিখনৰ কিছু একশ্যন আৰু নৃত্যতো নিজৰ অভিনয় প্ৰতিভা প্ৰকাশ কৰিছে তেওঁ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ছলমান খান, অক্ষয় কুমাৰ অভিনীত “মুজচে ছাদি কৰোগী” ছবিতো ভুমুকি মাৰিছিল হৰভজন সিঙে। কিন্তু এইবাৰ ডাঙৰ পৰ্দাত দীঘলীয়া সময়ৰ বাবে অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছে তেওঁ।