এইচএমএছআইয়ে মুকলি কৰিলে অ’বিডি2 কমপ্লায়েণ্ট ২০২৩ ইউনিকৰ্ণ

গ্ৰাহকসকলৰ বাবে উত্সাহেৰে হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মুকলি কৰিলে নতুন অ’বিডি2 কমপ্লায়েণ্ট ২০২৩ ইউনিকৰ্ণ। ২০২৩  ইউনিকৰ্ণ হৈছে এক প্ৰিমিয়াম মটৰচাইকেল যাৰ বিএছভিআই ওবিডি2 কমপ্লায়েণ্ট 160চিচি পিজিএম-এফআই ইঞ্জিন আছে আৰু কম্প্ৰেছন অনুপাত ১০:১।

ইয়াত এবিএছ (এণ্টি-ব্ৰেক চিষ্টেম) আৰু টিউবলেছ টায়াৰ লগোৱা হৈছে যাতে পাংচাৰ ৰোধ বা প্ৰতিহত কৰিব পৰা যায়। ছিটৰ তলত ৰখা হৈছে ৰিয়েৰ মনো শ্বক ছাচপেনচন আৰু ডাইমণ্ড ফ্ৰেমত লগোৱা হৈছে, যিয়ে চালকক উৎকৃষ্ট মানৰ আৰাম আৰু স্থিৰতা প্ৰদান কৰে। উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু দীঘল হুইলবেছে আত্মবিশ্বাস আৰু আৰামৰ সৃষ্টি কৰে আৰু দীঘল আসনে আৰামদায়ক দীঘলীয়া দূৰত্বৰ যাত্ৰাৰ বাবে যথেষ্ট স্থান প্ৰদান কৰে। ব্ৰীফ বা চমু ষ্টপৰ বাবে ইঞ্জিন ষ্টপ চুইচে ইঞ্জিনটো অফ কৰাৰ সুবিধা প্ৰদান কৰে। নতুন অ’বিডি২ কমপ্লায়েণ্ট ২০২৩ ইউনিকৰ্ণ মুকলিৰ বিষয়ে সদৰি কৰে হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট, চিইঅ’ আৰু মেনেজিং ডাইৰেক্টৰ চুটছুমু অটানিয়ে কয় যে, “আমি আমাৰ নিষ্ঠাবান গ্ৰাহকসকলক তেওঁলোকৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

২০২৩ ইউনিকৰ্ণ ৪টা ৰঙৰ বিকল্পত উপলব্ধ: পাৰ্ল ইগনেছ ব্লেক, ইম্পেৰিয়েল ৰেড মেটালিক, মেট এক্সিছ গ্ৰে মেটালিক আৰু পাৰ্ল চাইৰেন ব্লু। ইয়াৰ মূল্য ১,০৯,৮০০ টকা (এক্স-শ্ব’ৰুম, দিল্লী)।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *