উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিটিঅ’ আৰু বলবৎকাৰী পৰীক্ষক

কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়া (ভাৰপ্ৰাপ্ত) আৰু বলবৎকাৰী পৰীক্ষকক বুধবাৰে সন্ধিয়া সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

বুধবাৰে অভিযোগকাৰীৰ বাহনখন মুক্তভাৱে চলাচল কৰাৰ অনুমতি দিয়াৰ বাবে ডিটিঅ’ চাহাব উদ্দিন তপাদাৰৰ সৈতে ষড়যন্ত্ৰ কৰি উৎকোচ গ্ৰহণ কৰাৰ পিছত বলবৎকাৰী পৰীক্ষক আবু ছালেহ এম ডি জাকাৰিয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

পিছত তপাদাৰকো এই উৎকোচ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

ইফালে কৰিমগঞ্জ আৰু গুৱাহাটীত আটকাধীন দুয়োগৰাকী বিষয়াৰ ঘৰত তালাচী চলোৱা হয়।

কৰিমগঞ্জৰ ডিটিঅ’ৰ কাৰ্যালয়ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ উত্থাপন হোৱাৰ পিছতে শীৰ্ষ বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাইজে সকাহ ব্যক্ত কৰিছে।

জানিব পৰা মতে কৰিমগঞ্জ জিলাৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ভাতৃ জাকাৰিয়া।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *