উদ্বোধনীৰ ২৪ ঘন্টা নৌহওঁতেই গুৱাহাটীৰ মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুৰ ওপৰত গুৱাহাটী পৌৰ নিগমৰ মালিকানাধীন এখন ট্ৰাক আৰু আৱৰ্জনা সংগ্ৰহৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়।
সূত্ৰ অনুসৰি ট্ৰাকখনে তীব্ৰ বেগেৰে যাত্ৰা কৰি থকা অৱস্থাত পিছফালৰ পৰা ঠেলা গাড়ীখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত গাড়ীখন ঠেলাগাড়ীখন লুটি খাই বাগৰি পৰে। যাৰ ফলত চলাই থকা জিএমচিৰ কৰ্মচাৰীজনো সামান্য আঘাতপ্ৰাপ্ত হয়।
ইয়াৰ পিছতে জালুকবাৰী আৰক্ষীয়ে স্থানত উপস্থিত হৈ সংঘৰ্ষৰ বাবে দায়ী ট্ৰাকখন জব্দ কৰে।
মন কৰিবলগীয়া যে ৩১ আগষ্টৰ পুৱা নীলাচল উৰণীয়া সেতুখন উদ্বোধন হোৱাৰ ঠিক পিছতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। ফলত উৰণীয়া সেতুখনৰ ওপৰেৰে যান-বাহনৰ চলা্চলতো ব্যাঘাত জন্মে।
ইয়াত উল্লেখ কৰা প্ৰয়োজন যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩০ আগষ্টত মালিগাঁৱত বহু প্ৰত্যাশিত উৰণীয়া সেতুখন উদ্বোধন কৰিছিল যিখন উৰণীয়া সেতু উদ্বোধন কৰাৰ কেইঘণ্টামান পূৰ্বে ‘নীলাচল উৰণীয়া সেতু’ নামেৰে নামাকৰণ কৰা হৈছিল।
উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্য চলি থকাৰ বাবে ভৰলুমুখ-জালুকবাৰী পথত যথেষ্ট যান-জঁটৰ সন্মুখীন হোৱা গুৱাহাটীৰ যাতায়তৰ বাবে এই উদ্বোধনী অনুষ্ঠানত সকাহ পোৱা গৈছে।