উজানবজাৰৰ ৰে’লৱেৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে গুৱাহাটীৰ উজানবজাৰত ৰেলৱেৰ ভূমি বেদখল কৰা ৰাইজলৈ জাননী জাৰি কৰিছে।

এন এফ ৰেলৱেয়ে জাৰি কৰা জাননীখনত উল্লেখ কৰা হৈছে যে ৰাইজে বেদখল কৰা ৰেলৱেৰ মাটি ৯ ফেব্ৰুৱাৰীৰ ভিতৰত বা তাৰ আগতে খালী কৰিব লাগিব।

জাননীখনত আৰু কোৱা হৈছে যে, “৯ ফেব্ৰুৱাৰীৰ ভিতৰত ৰে’লৱেৰ মাটিত বাস কৰা লোকসকলক খালী কৰিব লাগে আৰু আৰু অনুৰোধ জনোৱা হৈছে যে তেওঁলোকেও একে কাম কৰিবলৈ বিষয়বস্তুৰ স্থানীয় অন্যান্য বেদখলকাৰীসকলক এই বাৰ্তা দিব লাগে।”

বছৰ বছৰ ধৰি ৰে’লৱেৰ মাটি বেদখল কৰি অহা বেদখলকাৰীসকলে এতিয়া ক’লৈ স্থানান্তৰিত হ’ব সেই লৈ দ্বিধাদ্বন্দ্বৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি উজানবজাৰৰ ৰে’ল ভূমি বেদখল কৰি আছে হাজাৰ হাজাৰ লোকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *