উচ্চতম ন্যায়ালয়ৰ নতুন সংবিধান বিচাৰপীঠে গ্ৰহণ কৰিব অসম NRCৰ সৈতে জড়িত বিষয়ৰ শুনানি

শেহতীয়াকৈ প্ৰকাশিত অধিসূচনা অনুসৰি উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান বিচাৰপীঠে অসম এন আৰ চিকে ধৰি তিনিটা গোচৰৰ শুনানি আৰম্ভ কৰিব।

এই বিচাৰপীঠত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ লগতে অসম পাব্লিক ৱৰ্কছ বনাম ইউনিয়ন অৱ ইণ্ডিয়া, অশোক কুমাৰ জৈন বনাম ইউনিয়ন অৱ ইণ্ডিয়া আৰু সীতা সোৰেন বনাম ইউনিয়ন অৱ ইণ্ডিয়া আদিৰ দায়িত্ব লোৱা ন্যায়াধীশ এ এছ বোপন্না, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰই অংশগ্ৰহণ কৰিব। ২০২৩ চনৰ ২০ ছেপ্টেম্বৰৰ পৰা এই গোচৰৰ শুনানি গ্ৰহণ কৰা হব।

উল্লেখ্য যে এই গোচৰসমূহ অসম এন আৰ চিৰ সৈতে জড়িত, লোকসভা আৰু ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ বৈধতা আৰু ইয়াৰ লগত জড়িত অপৰাধৰ বাবে সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে গোচৰ চলোৱাৰ পৰা ৰেহাই আছে নে নাই বিধায়িনী দলত ভোটদান কৰিবলৈ উৎকোচৰ প্ৰস্তাৱ বা গ্ৰহণ কৰা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *