উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন

75

অল ইংলেণ্ড ক্লাবৰ বিষয়াসকলে ঘোষণা কৰে যে উইম্বলডনৰ মুঠ পুৰষ্কাৰৰ ধন অভিলেখ ৫ কোটি পাউণ্ড (প্ৰায় ৬ কোটি ৪০ লাখ আমেৰিকান ডলাৰ) লৈ বৃদ্ধি হ’ব, প্ৰতিজন একক চেম্পিয়নে ২৭ লাখ পাউণ্ড (৩৪ লাখ ৫০ হাজাৰ আমেৰিকান ডলাৰ) লাভ কৰিব। মুঠ পুৰষ্কাৰৰ ধন যোৱা বছৰৰ তুলনাত ৫৩ লাখ পাউণ্ড (৬৮ লাখ ডলাৰ) অধিক, যি হৈছে ১১.৯ শতাংশ বৃদ্ধি। এয়া হৈছে ১০ বছৰ আগতে এই গ্ৰাছকোৰ্ট গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্টত প্ৰতিযোগীসকলক পৰিশোধ কৰা ২ কোটি ৫০ লাখ পাউণ্ডৰ (বৰ্তমানৰ বিনিময় হাৰত ৩ কোটি ২০ নিযুত ডলাৰ) দুগুণ। অল ইংলেণ্ড ক্লাবৰ নতুন সভাপতি ডেবৰা জেভান্সে কয় যে এই বছৰতকৈ টিকটৰ চাহিদা কেতিয়াও বেছি হোৱা নাই। এই বছৰৰ বিজয়ীসকল প্ৰতি শ্ৰেণীত ৩,৫০,০০০পাউণ্ড বৃদ্ধি পাইছে, যি হৈছে ১৪.৯ শতাংশ বৃদ্ধি। প্ৰথম ৰাউণ্ডৰ একক খেলত পৰাজিত হোৱা খেলুৱৈসকলে ৬০,০০০ পাউণ্ড (প্ৰায় ৭৬,০০০ ডলাৰ) লাভ কৰিব, যি ২০২৩ চনত ৫৫,০০০ পাউণ্ড (৭০,০০০ ডলাৰ) আছিল। যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ পুৰস্কাৰ ১৪.৯ শতাংশ বৃদ্ধি হৈ ৪.৮ নিযুত পাউণ্ড (প্ৰায় ৬ নিযুত ডলাৰ) হ’ব।