- মাছ পিটিকা
আৱশ্যকীয় সামগ্ৰীসমূহ:
কাঁইট নোহোৱা মাছ (আৰি) – 500 গ্ৰাম (8 টুকুৰা),
কলপাত- 1খন,
মিঠাতেল- 2 ডাঙৰ চামুচ,
কুটি লোৱা পিঁয়াজ- 2টা মজলীয়া আকাৰৰ,
কুটি লোৱা ধনিয়া পাত- সৰু এমুঠি,
কুটি লোৱা কেঁচা জলকীয়া- 2টা,
ছানৰাইজ ৰেড চিলি পাউদাৰ,
নিমখ- সোৱাদ অনুযায়ী৷
ৰন্ধন প্ৰকৰণ
- কলপাতখন পৰিষ্কাৰ কৰি শুকুৱাই লওক৷ জুইৰ ওপৰত ধৰি পাতখন লেৰেলাই লওক৷
- কাঁইট নোহোৱা মাছৰ টুকুৰাবোৰ কলপাতখনত লওক৷ ইয়াক এটা পাৰ্চেলৰ দৰে ভাঁজ কৰক আৰু সূতাৰে বান্ধক৷
- পাৰ্চেলটো এখন গৰম গ্ৰিডলত লওক আৰু জুইৰ তাপ মধ্যমীয়া কৰি ৰাখক৷
- কলপাতৰ পোৰা গোন্ধ আৰু মাছ সেকা গোন্ধ নোপোৱালৈ দুয়োটা ছাইড সেকক৷
- পাৰ্চেলটো গ্ৰিডলৰ পৰা আঁতৰাওক আৰু চেঁচা হ’বলৈ দিয়ক৷ পাৰ্চেলটো খোলক আৰু সেকা মাছখিনি উলিয়াই লওক৷
- মাছখিনিত মিঠাতেল, কুটি থোৱা ধনিয়া পাত, পিঁয়াজ, কেঁচা জলকীয়া, ছানৰাইজ ৰেড চিলি পাউদাৰ আৰু নিমখ মিহলাই পিটিকি লওক৷
- ভাত আৰু দাইলৰ সৈতে মাছ পিটিকা পৰিৱেশন কৰক৷
- বাঁহগাজৰ লগত কুকুৰা
আৱশ্যকীয় সামগ্ৰীসমূহ:
800 গ্ৰাম কুকুৰা,
1 চাহচামুচ ছানৰাইজ ধনিয়া পাউদাৰ,
1 ছানৰাইজ জিৰা পাউদাৰ,
1/4 কাপ মিঠাতেল,
5টা কেঁচা জলকীয়া, পানী আৱশ্যক অনুসৰি,
1 চাহচামুচ নহৰু বটা,
1 চাহচামুচ ছানৰাইজ ৰেড চিলি পাউদাৰ,
1 চাহচামুচ ছানৰাইজ হালধি পাউদাৰ,
1টা মজলীয়া আকাৰৰ পিঁয়াজ,
3 টেবুলচামুচ বাঁহগাজ,
নিমখ আৱশ্যক অনুসৰি৷
ৰন্ধন প্ৰকৰণ:
- মেৰিনেশ্যনৰ বাবে: 1 চাহচামুচ আদা বটা, 2 টেবুলচামুচ মিঠাতেল
- মাংসখিনি ধুই পৰিষ্কাৰ কৰি লওক, পানী বৈ যাবলৈ দিয়ক আৰু মেৰিনেট কৰক৷
- কুকুৰাৰ মাংসখিনি মেৰিনেট কৰিবলৈ সৰু সৰু ছিদ্ৰ কৰি লওক৷ এটা ডাঙৰ বাটিত আদা আৰু নহৰু বটা, ছানৰাইজ হালধি পাউদাৰ, ছানৰাইজ ধনিয়া পাউদাৰ, ছানৰাইজ জিৰা পাউদাৰ, ছানৰাইজ ৰেড চিলি পাউদাৰ, নিমখ আৰু মিঠাতেল লৈ মিশ্ৰণখিনি ভালদৰে ফেটি লওক৷ তাৰ পিছত তাত মাংসখিনি মেৰিনেট হ’বলৈ দি মিশ্ৰণটো ভালদৰে ঢাকি ফ্ৰিজত ৰাখক৷
- আনফালে মজলীয়া তাপত এটা কেৰাহী গৰম হ’বলৈ দি তাত ৩-৪ চাহচামুচ মিঠাতেল দিয়ক৷ সেই তেলত পিঁয়াজ আৰু কুটি লোৱা জলকীয়া দি ভাজি লওক৷ পিঁয়াজ আৰু জলকীয়া সামান্য মুগা বৰণীয়া হ’লে তাত মেৰিনেট কৰা কুকুৰাৰ মাংসখিনি দিয়ক৷
- কুকুৰাৰ মাংসখিনি ভালদৰে ভাজি লওক৷ তাৰ পিছত তাত টুকুৰা-টুকুৰ কৰি লোৱা বাঁহগাজ দি আৱশ্যক অনুসৰি নিমখ মিহলাওক৷ আটাইতকৈ শেষত তাত গৰম পানী দিয়ক৷
- ঢাকোন মাৰি উতলিবলৈ দিয়ক, কুকুৰাৰ মাংসখিনি সম্পূৰ্ণৰূপে ৰন্ধা হ’বলৈ দিয়ক৷ মাংসখিনি কোমল হোৱালৈ ৰান্ধক৷
- জুই নুমুৱাই থওক আৰু ভাত, পিঁয়াজ আৰু কেঁচা জলকীয়াৰ সৈতে পৰিৱেশন কৰক৷
- ফলা মাটি দাইলৰ লগত গাহৰি
আৱশ্যকীয় সামগ্ৰীসমূহ:
গাহৰি মাস- 500 গ্ৰাম,
ফলা মাটি দাইল- 200 গ্ৰাম,
মিঠাতেল- 5 টেবুলচামুচ,
কুটি লোৱা পিঁয়াজ- 4টা মজলীয়া আকাৰৰ,
বটি লোৱা আদা- 1½ টেবুলচামুচ,
বটি লোৱা নহৰু- 2 টেবুলচামুচ,
ফালি লোৱা কেঁচা জলকীয়া,
গৰম পানী- 1 লিটাৰ,
ছানৰাইজ হালধি পাউদাৰ- ½ চাহচামুচ,
নিমখ- সোৱাদ অনুসৰি৷
ৰন্ধন প্ৰকৰণ:
- মাটি দাইলখিনি 3 ঘণ্টাৰ বাবে তিয়াই থওক৷ তাৰ পিছত ভালদকে ধুই লওক৷
- গাহৰি মাংসখিনি ধুই লওক আৰু 1½ ইঞ্চি আকাৰৰ টুকুৰা কৰি লওক৷
- এটা ডাঙৰ, গধুৰ কেৰাহীত মিঠাতেল গৰম হ’বলৈ দিয়ক৷ কুটি লোৱা পিঁয়াজখিনি গৰম তেলত দি মজলীয়া তাপত কোমল হোৱালৈ ভাজক৷
- বটি লোৱা আদা, নহৰু আৰু জলকীয়া দি ভাজি লওক৷
- পিঁয়াজখিনি মুগা বৰণীয়া হ’লে তাত গাহৰি মাংসখিনি দিয়ক৷ 10 মিনিটমান সময়ৰ বাবে মাংসখিনি ভাজক৷
- কেৰাহীত মাটি দাইল, ছানৰাইজ হালধি পাউদাৰ আৰু নিমখ দিয়ক৷
- বেছি তাপত আৰু কিছু সময়ৰ বাবে ভাজক৷
- পানী দি ঢাকি দিয়ক৷
- কম জুইত 15 মিনিটৰ বাবে বা গাহৰি মাংসখিনি সম্পূৰ্ণকৈ ৰন্ধা হোৱালৈ ৰাখক৷
- লাই শাক খাৰ পিঠাগুড়ি দি:
আৱশ্যকীয় সামগ্ৰীসমূহ:
লাই শাক,
সিজোৱা কচু,
কুটি লোৱা নহৰু,
আদা-নহৰু বটা,
কেঁচা জলকীয়া,
খাৰ বা বেকিং ছ’ডা,
ছানৰাইজ সৰিয়হ পাউদাৰ,
পিঠাগুড়িৰ পেষ্ট৷
ৰন্ধন প্ৰকৰণ:
- প্ৰথমে নহৰুখিনি ভাজি লৈ আদা-নহৰু বটা, কুটি লোৱা লাই শাক আৰু জলকীয়াৰ মিশ্ৰণখিনি দি ভাজি লওক৷
- নিমখ, কাটি লোৱা সিজোৱা কচু আৰু খাৰ (খাৰ নাথাকিলে বেকিং ছ’ডাও দিব পাৰে) দি ভালদৰে ভাজক৷
- কিছু সময় পিছত সৰিয়হ গুড়িৰ পেষ্ট, পানী আৰু পিঠাগুড়িৰ পেষ্ট দি জুই কমাই দিয়ক৷
- আঞ্জাখন ডাঠ হোৱাৰ পিছত জুই নুমুৱাই গৰমে গৰমে পৰিৱেশন কৰক৷