ইয়াত আছে চিম্পল ৱান, চুপাৰ ইভি

ভাৰতৰ আগশাৰীৰ বৈদ্যুতিক বাহন আৰু ক্লীন এনাৰ্জীৰ ষ্টাৰ্ট-আপ ছিম্পল এনাৰ্জীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে প্ৰথম ইলেক্ট্ৰিক ২ চকীয়া বাহন। এই ছিম্পল ৱানৰ আকৰ্ষণীয় আৰম্ভণি মূল্য ১,৪৫,০০০ টকা। চুপাৰ ইভি-চিম্পল ৱানৰ মূল্য ১,৫৮,০০০ টকাত উপলব্ধ হ’ব, য’ত ৭৫০W চাৰ্জাৰো থাকিব। ছিম্পল ৱানে ধাৰাবাহিকভাৱে উন্নতি চক্ৰৰ মাজেৰে পাৰ হৈ অৱশেষত ভাৰতীয় পথত খোজ দিবলৈ সাজু হৈছে।

চিম্পল ৱানৰ বাবে বুকিং আৰম্ভ হোৱাৰ লগে লগে যথেষ্ট সঁহাৰি লাভ কৰিছে, কোম্পানীটোৱে ১৮ মাহত ১ লাখৰো অধিক প্ৰি বুকিং পঞ্জীয়ন কৰিছে। আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগে লগে কোম্পানীটোৱে পৰ্যায়ক্ৰমে গ্ৰাহকৰ ডেলিভাৰীৰ সুবিধা প্ৰদান কৰাৰ লগতে অহা ১২ মাহত খুচুৰা বিক্ৰীৰ কাৰ্যকলাপ বৃদ্ধিৰ পৰিকল্পনা কৰিছে।

ছিম্পল ONE হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেঞ্জৰ E2W আৰু ইয়াৰ ছেগমেণ্টৰ আটাইতকৈ দ্ৰুত E2W, ই ২.৭৭ ছেকেণ্ডত ঘণ্টাত ০-৪০ কিলোমিটাৰলৈ স্প্ৰিণ্ট কৰে। ইয়াৰ উপৰিও গৰমত অতিষ্ঠ হোৱা লোকক সকাহ দিবলৈ আই আই টি ইন্দোৰৰ সৈতে তাপ ব্যৱস্থাপনা প্ৰণালীও বিকশিত কৰা হৈছে। এই সন্দৰ্ভত ছিম্পল এনাৰ্জীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুহাছ ৰাজকুমাৰে কয়, “আমাৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ হৈছে আহি থকা দিনত যিসকল গ্ৰাহকে ধৈৰ্য্যৰে নিজৰ ছিম্পল ৱান ঘৰলৈ নিবলৈ অপেক্ষা কৰি আছে সেই গ্ৰাহকসকলক যাতে দ্ৰুত ডেলিভাৰীৰ সুবিধা প্ৰদান কৰিব পাৰোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *