ইতি পৰিব নেকি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ? উঠিছে মিত্ৰজোঁট এৰাৰ জোৱাৰ, আকৌ বিজেপিৰ শৰণাপন্ন জেডিইউ!

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে হিন্দুত্ববাদ প্ৰসাৰ কৰি নিৰ্বাচনৰ ৰণডংকা বজাইছে বিজেপিয়ে। আনফালে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন থকা সময়তে থৰক বৰক হৈ পৰিছে বিৰোধী ঐক্য। ইণ্ডিয়া মিত্ৰজোঁটৰ অন্তৰ্গত ইটোৰ পিছত সিটো দলৰ নেতাই গা এৰাৰ দিয়াৰ পিছত এতিয়া বিৰোধীৰ সন্মিলিত ঐক্য চুচূৰ্মৈ হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি অপ্ৰতিৰোধ্য বিজেপিক পৰাভূত কৰিবলৈ প্ৰায় দুবছৰ পূৰ্বে একত্ৰিত হৈছিল দেশৰ কেইবাটাও বিৰোধী দল। কংগ্ৰেছ, আৰজেডি, আপ, তৃণমূল কংগ্ৰেছ আদি দেশৰ প্ৰধান ৰাজনৈতিক দল চামিল হোৱা এই বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০২৩ চনৰ ২৩ জুনত বিহাৰৰ পাটনাত। পৰৱৰ্তী সময়ত কৰ্ণাটকৰ বাংগালুৰুত বৈঠকত মিলিত হৈছিল বিজেপি বিৰোধী ৰাজনৈতিক দলৰ নেতাসকল।

ইফালে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা বিৰোধী দলৰ বৈঠকৰ পিছতে এই মিত্ৰজোঁটক ইণ্ডিয়ান নেশ্যনেল ডেভলপমেণ্টেল ইনক্লুছিভ এলায়েঞ্চ বা চমুকৈ ‘ইণ্ডিয়া’ নামেৰে নামকৰণ কৰা হৈছিল। সাধাৰণ নিৰ্বাচনত একেলগে যুঁজিবলৈ তিনি দফাৰ প্ৰস্তাৱ গৃহীত কৰিছিল ইণ্ডিয়া মিত্ৰজোঁটে৷ কিন্তু সময় আগবঢ়াৰ লগে লগে কেৰোণ লাগে বিৰোধীৰ এই ঐক্যত। দলৰ মাজত আসনৰ ভাগ-বতৰাক লৈ আৰম্ভ হোৱা বাক-বিবাদে ক্ৰমান্বয়ে খহাবলৈ আৰম্ভ কৰে ইণ্ডিয়া মিত্ৰজোঁটৰ ভেটি।

বিশেষকৈ ৰাহুল গান্ধীয়ে ১৪ জানুৱাৰীত মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ পিছতে বিৰোধী ঐক্য ইণ্ডিয়াত ভাঙোন আৰম্ভ হয়৷ প্ৰথমে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়া মিত্ৰজোঁট এৰি বিজেপিৰ কাষলৈ যোৱাৰ বাতৰি প্ৰচাৰ হয়৷ বিভিন্ন সূত্ৰই দাবী কৰা মতে, বিজেপিৰ নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটলৈ উভতি যাব নীতিশ কুমাৰ৷ বিজেপিয়ে বান্ধি দিয়া চৰ্ত মানি ল’লে নীতিশ কুমাৰক এনডিএ মিত্ৰজোঁটে আকোৱালি ল’ব বুলি খবৰ প্ৰকাশ হৈছে৷ চৰ্তটো হৈছে নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগিব৷ কেৱল নীতিশ কুমাৰে নহয়, মমতা বেনাৰ্জী, শৰদ পাৱাৰ, অৰবিন্দ কেজৰিৱাল আদি নেতাইয়ো একেই ইংগিত দিছে৷

ইণ্ডিয়া মিত্ৰজোঁট ভংগ হোৱাৰ অন্তৰালত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ তথা বিজেপিৰ সফলতা বুলি ধৰি লোৱা হৈছে৷ উল্লেখ্য যে, ইণ্ডিয়া মিত্ৰজোঁট গঠন হোৱাৰ পিছতে পৰা এই মিত্ৰজোঁটৰ অংশ দলৰ নেতাৰ বিৰুদ্ধে আৰম্ভ হৈছিল ইডি, চিবিআই, চেবি আদিৰ দৰে সংস্থাৰ অভিযান। বহু নেতাৰ কু-কীৰ্তিৰ ফাইল খুলি কাৰাগাৰলৈ প্ৰক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে মোদী চৰকাৰে। এনে পৰিপ্ৰেক্ষিততে এতিয়া বহু ৰাজনৈতিক দলৰ নেতাই নিজক সুৰক্ষিত কৰাৰ স্বাৰ্থত ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা আঁতৰি বিজেপিৰ সৈতে হাত মিচোৱাৰ যো-জা চলোৱা বুলিও চৰ্চা চলিছে।

আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, আৰ জে ডিৰ দৰে দলে নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিক লাভাম্বিত কৰিব বিচাৰিছে বুলিও একাংশই দাবী কৰিছে। মন কৰিবলগীয়া হৈছে, ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্য শৰদ পাৱাৰৰ দল এনচিপিৰ কেইবাজনো নেতা এতিয়াও কাৰাগাৰাৰ আলহী হৈ আছে। একেদৰে দিল্লীৰ শাসকীয় দল আম আদমী পাৰ্টীৰো কেইবাজনো সাংসদ, মন্ত্ৰী বৰ্তমান বন্দ্বীত্বৰ জীৱন পাৰ কৰি আছে। ইফালে গ্ৰেপ্তাৰৰ আশংকা বৃদ্ধি পাইছে খোদ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰো। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দললৈও নামি আহিছে সংশয়। শিক্ষক নিযুক্তি কেলেংকাৰীত এতিয়াও কাৰাবন্দী হৈ আছে তেওঁৰ দলৰ নেতা, বাৰে বাৰে চমন জাৰি কৰা হৈছে ভতিজা অভিষেক বেনাৰ্জীকো। একেদৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিৰুদ্ধে অব্যাহত আছে ইডিৰ তদন্ত। প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই এনেসকল নেতাৰ বিৰুদ্ধে চৰকাৰী সংস্থা লগাই ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

আৰু এনে কাৰণতে এই সকল নেতাই এতিয়া ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা ফালৰি কাটি নিজৰ আৰু দলৰ নেতাৰ জীৱন বচাবলৈ বিজেপিৰ শৰণাপন্ন হোৱা বুলি একাংশই চৰ্চা চলাইছে। উল্লেখ্য যে, বিৰোধী ঐক্যৰ প্ৰথমে পৃষ্ঠপোষকতা কৰা ব্যক্তিজনেই আছিল নীতিশ কুমাৰ৷ নীতিশ কুমাৰৰ আহ্বানতে পাটনাত উপস্থিত হৈছিল সকলো নেতা৷ নীতিশ কুমাৰেই প্ৰথমজন বিৰোধী নেতা যিয়ে বিৰোধীক এক কৰিবলৈ প্ৰয়াস কৰিছিল৷ কিন্তু প্ৰথমে ইণ্ডিয়া মিত্ৰতাৰ পৰা ওলাই বিজেপিৰ কাষলৈ যাবলৈ তৎপৰ হৈছে নীতিশ কুমাৰ৷ নীতিশ কুমাৰে ২৯ জানুৱাৰীত বিহাৰত প্ৰৱেশ কৰিবলগীয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত যোগদান নকৰে। নীতিশ কুমাৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰপুৰী ঠাকুৰক ‘ভাৰত ৰত্ন’ প্ৰদান কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। ইপিনে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়েও ইণ্ডিয়া মিত্ৰতাক মানি নোলোৱাৰ কথা দোহাৰে৷

মমতাই কয় যে মই চিপিআইএমৰ সৈতে মিত্ৰতা কৰিব নোৱাৰো৷ মই ৩৪ বছৰ ধৰি চিপিআইএমৰ বিৰুদ্ধে যুঁজিছো৷ তৃণমূল কংগ্ৰেছে বংগত অকলে যুঁজ দিব। আনহাতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও ইণ্ডিয়া মিত্ৰজোঁটক মানি নোলোৱাৰ ঘোষণা কৰে৷ ভগৱন্ত মানে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টি পঞ্জাৱত ক্ষমতাশালী৷ কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নহয়। এই জল্পনা-কল্পনাৰ মাজতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বাসবৰাজ বোম্মাই দাবী কৰে যে ইণ্ডিয়াৰ মিত্ৰশক্তিৰ মাজত অসন্তুষ্টিৰ বাবে বিভক্ত হ’ব। তেওঁ দৃঢ়তাৰে কয় যে মমতা বেনাৰ্জীৰ টিএমচি, শৰদ পাৱাৰৰ এনচিপি আৰু নীতিশ কুমাৰৰ জেডিইউকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সহযোগী দল আঁতৰি গৈছে আৰু এয়া মিত্ৰতাৰ সমাপ্তিৰ ইংগিত। মমতা বেনাৰ্জীয়ে ইতিমধ্যে মিত্ৰজোঁটৰ পৰা প্ৰস্থান কৰিছে আৰু শৰদ পাৱাৰৰ দলেও একে পথ লোৱাৰ সম্ভাৱনা আছে।

বিভিন্ন ৰাজ্যৰ কংগ্ৰেছ নেতাই সহযোগী বিৰোধী দলৰ বিৰুদ্ধে কৰি অহা বাক্যবাণে দলসমূহক ওলাই আহিবলৈ বাধ্য কৰা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে মাথোঁ ৮ মাহ পূৰ্বে গঠন হোৱা ইণ্ডিয়া মিত্ৰজোঁট কলিতে মৰহি গ’ল৷ ইয়াৰ লগে লগে বিজেপিয়ে ৰাম মন্দিৰৰ ৰাজনীতিৰ পাৰা বৃদ্ধি কৰিছে৷ বিজেপিয়ে ৪০০ আসন লাভৰ শ্ল’গান আওৰাবলৈ আৰম্ভ কৰিছে৷ বিৰোধীয়ে ইণ্ডিয়া মিত্ৰজোঁট কৰি যি শক্তি আহৰণ কৰিছিল আৰু গতি লৈছিল সেই গতি দলসমূহ ওলাই আহিলে ‘দুৰ্ঘটনা’ত পতিত হোৱাৰ দৰেই হ’ব৷ দেশত বিৰোধীৰ শক্তি নোহোৱা হৈ পৰিব৷

আঠমাহতে মিত্ৰতা ভংগ হ’বলৈ ওলোৱা কাৰ্যক দেশৰ বিৰোধী দলসমূহৰ তৃণমূল কৰ্মীয়ে কেনেদৰে লয় সেয়া সময়তহে ক’ব পৰা যাব৷ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’লে দেশত বিৰোধী দলৰ অস্তিত্ব ধৰি ৰখাটো কঠিন হৈ পৰিব।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *