ডিজিটেল ডেস্কঃ অসম সন্তান অভিনেতা আদিল হুছেইনে তেওঁৰ অভিনীত ফুটপ্ৰিণ্টছ অন ৱাটাৰ ছবিৰ বাবে ব্ৰিটেইনৰ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।
টংগুজ অন ফায়াৰ লিমিটেড নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল আয়োজন কৰে, যিটো পূৰ্বতে লণ্ডন এছিয়ান ফিল্ম ফেষ্টিভেল নামেৰে জনাজাত আছিল। ৪ মে’ৰ পৰা ১৪ মে’ৰ ভিতৰত অনুষ্ঠিত হোৱা এইখন বহু আকৰ্ষণৰ ভিতৰত অন্যতম আছিল আদিল হুছেইনৰ ছবিখন।
ছবিখনত নাটালিয়া শ্যাম পৰিচালকৰূপে আত্মপ্ৰকাশ কৰিছে। ছবিখনত আদিল হুছেইনৰ সৈতে নিমিষা সজয়ন, লীনা, আৰু ডেনী ছুৰায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ উপৰিও ছবিখনক ‘শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ ছবি’ হিচাপেও নিৰ্বাচিত কৰা হয়।