ইউএছ অ’পেনৰ চেম্পিয়ান ন’ভাক জক’ভিচ

ন’ভাক জক’ভিচে প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা ইউএছ অ’পেনৰ ফাইনেলত দানিল মেদভেদেভক পৰাস্ত কৰি অভিলেখ ২৪ তম একক গ্ৰেণ্ড শ্লেম অর্জন কৰে। প্ৰায় একে ধৰণৰ খেলা দুয়োজন খেলুৱৈৰ মাজৰ খেলখন আকৰ্ষণীয় আছিল। দৰ্শকে দুয়ো তাৰকাৰ খেলখন সুন্দৰভাৱে উপভোগ কৰে আৰু জিকাৰ পিছত জক’ভিচে ক’ৰ্টত বহি দৰ্শকৰ শুভেচ্ছা গ্ৰহণ কৰে। তেওঁৰ সকলো শক্তি ব্যৱহাৰ কৰি জক’ভিচে ৬-৩, ৭-৬, ৬-৩ ছেট পৰাস্ত কৰে। তেওঁ জিকাৰ পিছত কয়-মই কেতিয়াও ভবা নাছিলো যে মই ইয়াত থিয় হৈ মোৰ ২৪ তম গ্ৰেণ্ড শ্লেমৰ বিষয়ে কথা পাতিম। মই কেতিয়াও ভবা নাছিলো যে এইটো সঁচা হ’ব। অ’পেন যুগৰ আটাইতকৈ জ্যেষ্ঠ চেম্পিয়ন হোৱা ছাৰ্বিয়ান তাৰকাজনে কয়-যোৱা কেইবছৰমানত মই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলো যে হয়তো মই এইটো কৰিব পাৰিম।” হয়তো মই ইতিহাস সৃষ্টি কৰিব পাৰো। তেওঁ চেৰেনা উইলিয়ামছক অতিক্ৰম কৰিছে, যাৰ নামত ২৩ টা গ্ৰেণ্ড শ্লেম আছে। তেওঁ অ’পেন যুগত ২৪ টা গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম জন তাৰকা, যদিও মাৰ্গাৰেট কোৰ্টৰো একে সংখ্যক খিতাপ আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *