ইউএছ অ’পেন একক চেম্পিয়নে এই বছৰ ২.৬ নিযুত ডলাৰ পুৰস্কাৰ লাভ কৰিব, আনহাতে ২৯ আগষ্টৰ পৰা আৰম্ভ হোৱা গ্ৰেণ্ড শ্লেমে প্ৰথমবাৰৰ বাবে মুঠ পুৰস্কাৰৰ ধন ৬০ নিযুত ডলাৰলৈ বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছ সংস্থাই বৃহস্পতিবাৰে কয় যে এজন খেলুৱৈয়ে মূল ড্ৰ’ত প্ৰৱেশ কৰিলে ৮০,০০০ ডলাৰ আৰু দ্বিতীয় ৰাউণ্ডত উপনীত হোৱাৰ বাবে ১,২১,০০০ ডলাৰ লাভ কৰিব। কোৰোনা মহামাৰীৰ পূৰ্বে ২০১৯ চনত, চেম্পিয়নে ৩.৯ নিযুত ডলাৰ লাভ কৰিছিল আৰু প্ৰথম ৰাউণ্ডত পৰাজিত সকলক ৫৮,০০০ ডলাৰ দিয়া হৈছিল। যিসকলে কোৱাৰ্টাৰ ফাইনেলত উপনীত হ’ব তেওঁলোকে ৪,৪৫,০০০ ডলাৰ লাভ কৰিব আৰু ছেমি ফাইনেলত ৭,০৫,০০০ ডলাৰ লাভ কৰিব। ৰানাৰ্ছ-আপে ১.৩ নিযুত ডলাৰ লাভ কৰিব।
যোৱাবাৰ, মুঠ পুৰষ্কাৰৰ ধন আছিল ৫৭.৫ নিযুত ডলাৰ। এই বছৰৰ অষ্ট্ৰেলিয়ান অ’পেনত ৫২ নিযুত আমেৰিকান ডলাৰৰ পুৰস্কাৰ ৰখা হৈছিল, আনহাতে উইম্বলডন আৰু ফ্ৰেন্স অ’পেনত প্ৰায় ৪৯ নিযুত আমেৰিকান ডলাৰ পুৰস্কাৰ আছিল।