নিউজিলেণ্ডৰ কিংবদন্তি ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককুলামক বৃহস্পতিবাৰে ইংলেণ্ডৰ টেষ্ট ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। অলৰাউণ্ডাৰ বেন ষ্ট’কছক অধিনায়ক হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্তৰ পিছত এই নিযুক্তি দিয়া হৈছে। মেককুলাম (৪০ বছৰ) বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ দল কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক। তেওঁ ২০১৯ চনত ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল আৰু তেতিয়াৰে পৰা তেওঁ টেষ্ট দলক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব গ্ৰহণ কৰা নাছিল।
টেষ্ট ক্ৰিকেটত নিউজিলেণ্ড দলৰ বৰ্ধিত আধিপত্যৰ আঁৰত মেককুলামে এক ডাঙৰ ভূমিকা পালন কৰিছে। দলটোৱে যোৱা বছৰ উদ্বোধনী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জিকিছিল।
মেককুলামে আক্ৰমণাত্মক ক্ৰিকেট পছন্দ কৰে আৰু ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ পুৰুষ ক্ৰিকেটৰ সঞ্চালক ৰব কীয়ে কয়-মই বিশ্বাস কৰোঁ যে প্ৰশিক্ষক আৰু অধিনায়ক হিচাপে ব্ৰেণ্ডন আৰু বেন ষ্ট’কছৰ অংশীদাৰীত্ব অটুট হ’ব। ইংলেণ্ডৰ সৈতে মেককুলামৰ প্ৰথম শৃংখলা জুনত তেওঁৰ দেশৰ দল নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব। লৰ্ডছত আৰম্ভণি টেষ্টখন ২ জুন পৰা আৰম্ভ হ’ব। যোৱা ১৭ খন টেষ্টত, ইংলেণ্ডৰ দলটোৱে মাত্ৰ এখন মেচ জিকিছে, যাৰ ভিতৰত আছে অষ্ট্ৰেলিয়াত অনুষ্ঠিত এছেজ শৃংখলাত ৪-০ ৰ হতাশাজনক পৰাজয়।