আমাজনৰ বিনামূলীয়া ভিডিঅ’ ষ্ট্ৰীমিং সেৱা আমাজন মিনিটিভিয়ে জেএআৰ পিকচাৰ্ছৰ দ্বাৰা প্ৰস্তুত কৰা ইস্কয়াপা নামৰ নতুন ৰম-কম ছিৰিজ মুকলি কৰিছে। পৰমবীৰ সীমা, নুনুই ৰুৱালহ্লেং আৰু বিনয় পাঠক অভিনীত এই ছিৰিজ ২০২৩ চনৰ ১ ডিচেম্বৰত প্লেটফৰ্মত এক্সক্লুছিভলী প্ৰিমিয়াৰ কৰে আমাজনে। ৬টা খণ্ডৰ এই ধাৰাবাহিকত পৃথক ভাৰতীয় সংস্কৃতিৰ দুজন ব্যক্তি বিক্ৰম আৰু পুইয়ে আকস্মিক মিলনৰ জৰিয়তে দুয়োকে বিচাৰি পাই নিজৰ প্ৰেম, বন্ধুত্ব আৰু মনতে পুহি ৰখা অযুত স্বপ্নবোৰ লাভ কৰি জীৱনলৈ আনন্দ আৰু নিবিড়তা কঢ়িয়াই আনে।
উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশিতইস্কয়াপা নামৰ ছিৰিজে অঞ্চলটোৰ অনুৰাগীৰ পৰা যথেষ্ট পৰিমাণে সঁহাৰি লাভ কৰিছে। এই শ্ব’টোত নুনুইয়ে পুইৰ চৰিত্ৰত অভিনয় কৰিছে, যি চৰিত্ৰত পাহাৰৰ সৈতে এক শক্তিশালী সম্পৰ্ক আছে। এই ছিৰিজৰ সৈতে জড়িত কলা-কুশলী আৰু কৰ্মচাৰীসকলে অনুৰাগী আৰু আমাজন মিনিটিভিৰ সমৰ্থন আৰু সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে, যিয়ে বিনামূলীয়া মনোৰঞ্জন প্ৰদান কৰে। আমাজন মিনিটিভিৰ কণ্টেণ্ট শাখাৰ মুৰব্বী আমোঘ দুছাদে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “আমি বিশ্বাস কৰোঁ যে এই ৰম-কম ছিৰিজে দৰ্শকৰ হৃদয় জয় কৰিব আৰু আমি আশা কৰোঁ যে এই আকৰ্ষণীয় মনোৰঞ্জনৰে ভৰপুৰ ড্ৰামাখন উপভোগ কৰি আৰু এবাৰ প্ৰেমত পৰিব।”
ৰম-কম লভাৰ্ছ অভিনীত এই ৰোমাণ্টিক ড্ৰামাই সাংস্কৃতিক বৈচিত্ৰ্য, পাৰিবাৰিক মূল্যবোধ, সমাজৰ নীতি-নিয়ম আৰু আবেগক অন্বেষণ কৰে। ষ্ট্ৰীমিং সেৱাই ইতিমধ্যে মুকলি কৰিছে ট্ৰেইলাৰ, উত্তৰ-পূৰ্বাঞ্চলৰ অনুৰাগীসকলে এই ছিৰিজৰ উচ্চ প্ৰশংসা কৰিছে।