আমি যদি দুৰ্নীতিগ্ৰস্তয়েই, তেন্তে আমাৰ সৈতে কিয় মিত্ৰতা বিচাৰে বিজেপিয়ে? প্ৰশ্ন NCPৰ নেত্ৰী সুপ্ৰিয়া ছুলেৰ

মহাৰাষ্ট্ৰৰ শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি দলৰ নেত্ৰী সুপ্ৰিয়া ছুলেয়ে দুৰ্নীতিৰ গোচৰত বিজেপিক প্ৰশ্ন কৰিছে। এন চি পি দল দুৰ্নীতিগ্ৰস্ত হোৱাৰ পিছতো বিজেপি দলে তেওঁৰ সৈতে কথা পাতিছিল বুলিও মন্তব্য কৰে। বিজেপিয়ে দলটোৰ বিৰুদ্ধে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে নেত্ৰীগৰাকীয়ে।

এন চি পিৰ সাংসদ সুপ্ৰিয়া ছুলেয়ে বিজেপিক সমালোচনা কৰি কেন্দ্ৰৰ শাসিত দলটো দুমুখীয়া বুলি অভিহিত কৰে। তেওঁ কয়, ‘মই বিজেপিক সুধিব বিচাৰো যে এফালে আপুনি আমাক দুৰ্নীতিৰ দল বুলি কয়, আনহাতে ছগন ভুজবালে কয় যে এনচিপি আৰু বিজেপিৰ মাজত আলোচনা চলি আছে। যেতিয়া এন চি পি দুৰ্নীতি কৰিছে তেতিয়া বিজেপিয়ে আমাৰ লগত কিয় কথা পাতিছে?’’

দলটোৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ অস্বীকাৰ কৰি তেওঁ কয়, ‘এইটোৱে স্পষ্টকৈ দেখুৱাইছে যে বিজেপিয়ে আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। এফালে আমাক দুৰ্নীতিগ্ৰস্ত বুলি কয় আৰু আনফালে আমাৰ লগত আলোচনা কৰিবলৈ আহে। ইয়াৰ ফলত বিজেপিৰ দুমুখীয়া স্থিতি স্পষ্ট হৈ পৰিছে।’’ তেওঁ আৰু কয় যে বিজেপিয়ে এতিয়া এই কথা স্পষ্ট কৰিব লাগিব।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *