আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩ৰ সময়ত উত্তৰ-পূবে দ্ৰুতগতিত বিকশিত অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে

Amazon.in-এ ৱাটাৰপ্ৰুফ সামগ্ৰী, প্ৰাইমাৰ, এনামেল, পেইন্টিং সঁজুলি, মাস্কিং টেপ আৰু ড্ৰপ শ্বীট কভাৰৰ দৰে প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ১০০০ৰো অধিক শ্বেডৰ সৈতে অভ্যন্তৰীণ আৰু বাহ্যিক পেইণ্টৰ এক পৰিসৰ মুকলি কৰিছে। এই প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলক ৰঙৰ ছাঁবোৰ কল্পনা আৰু তুলনা কৰাত সহায় কৰিবলৈ এটা পেইণ্ট ফাইণ্ডাৰ সঁজুলি আৰু কেলকুলেটৰো মুকলি কৰিছে।

উত্তৰ-পূবৰ গ্ৰাহকসকলে ঘৰৰ আৰাম আৰু উপযোগিতাৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ দেখুৱাইছে, আগৰ’ হাই প্ৰেচাৰ ৱাশ্বাৰ আৰু বাজাজ ৱাটাৰ হিটাৰৰ দৰে প্ৰিয় সামগ্ৰীৰ সৈতে ষ্টিলবাৰ্ড,অগৰু, বাজাজ, হেভেলছ আৰু বস্কৰ দৰে আগশাৰীৰ ব্ৰেণ্ডক অনুকূল কৰি তুলিছে।
আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলৰ সময়ত উত্তৰ-পূব অঞ্চলৰ Amazon.inৰ হোম, পাকঘৰ আৰু আউটড’ৰ কেটেগৰীত প্ৰতি বছৰ বৃদ্ধিৰে বছৰেকত ১.৬গুণ বৃদ্ধি পাইছে। গুৱাহাটী, আইজল আৰু শ্বিলঙৰ দৰে শীৰ্ষ চহৰসমূহে নতুন গ্ৰাহকক আকৰ্ষণ কৰিছে, টায়াৰ ৩ আৰু বাহিৰৰ চহৰসমূহে আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩ৰ সময়ত অৰ্ডাৰৰ ৮০%তকৈ অধিক অৰিহণা যোগাইছে।

এই বছৰ ডেলিভাৰী কৰা অৰ্ডাৰসমূহো ৩গুণ বৃদ্ধি পাইছে। এই বিষয়ে মন্তব্য কৰি আমাজন ইণ্ডিয়াৰ সঞ্চালক কে এন শ্ৰীকান্তই কয় যে, “আমাৰ মূল্যৱান গ্ৰাহকৰ বৰ্ধিত চাহিদা পূৰণ কৰি আমি ১০০০+ শ্বেডৰ অভ্যন্তৰীণ আৰু বাহ্যিক ৰঙৰ বৈশিষ্ট্যৰ সৈতে এক বিস্তৃত বাচনি মুকলি কৰিছো, যাক নিজৰ দুৱাৰমুখত সুবিধাৰ সৈতে বিতৰণ কৰা হ’ব যাতে তেওঁলোকে এই শুভ উৎসৱৰ সময়ছোৱাত আপোন ঘৰখন উন্নীত কৰিব পাৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *