আমাজন আৰু ডিজিএফটিয়ে জিলাসমূহক এক্সপৰ্ট হাব পদক্ষেপৰ জৰিয়তে লাভৱান কৰিবলৈ আৰু ভাৰতৰ পৰা এমএছএমই ৰপ্তানি বৃদ্ধি কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে

ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া উদ্যোগ(এম এছ এম ই)সমূহ সক্ষম কৰি তোলাৰ বাবে আৰু দেশৰ পৰা ই-কমাৰ্চ(বাণিজ্য) ৰপ্তানি বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আমাজন ইণ্ডিয়াই ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বৈদেশিক বাণিজ্য সঞ্চালকালয়(ডিজিএফটি)ৰ  সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ অংশ হিচাপে আমাজন আৰু ডিজিএফটিয়ে ডিজিএফটিৰ দ্বাৰা চিনাক্ত কৰা ৭৫খন জিলাৰ এমএছএমইসমূহৰ বাবে সহযোগিতাৰে সামৰ্থ্য বিকাশ ছেচন, প্ৰশিক্ষণ আৰু কৰ্মশালা আয়োজন কৰিব, যিবোৰ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত প্ৰৱৰ্তন কৰা বৈদেশিক বাণিজ্য নীতিত উল্লেখ কৰা ডিষ্ট্ৰিক্টছ এক্সপৰ্ট হাব(জিলা ৰপ্তানি হাবকেন্দ্ৰ)ৰ পদক্ষেপৰ অংশ।

এই পদক্ষেপে গ্ৰাম্য আৰু দূৰৱৰ্তী বা দুৰ্গম জিলাসমূহৰ স্থানীয় উৎপাদকসকলক বিশ্বব্যাপী যোগান শৃংখলৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰিছে। সন্তোষ সাৰংগী (ডিজিএফটিৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান), চেতন কৃষ্ণস্বামী (উপাধ্যক্ষ, ৰাজহুৱা নীতি – আমাজন) আৰু ভূপেন ৱাকংকৰ(গ্ল’বেল ট্ৰেডৰ সঞ্চালক – আমাজন ইণ্ডিয়া)ৰ উপস্থিতিত স্বাক্ষৰিত হয় এই বুজাবুজিৰ চুক্তি।

আমাজন আৰু ডিজিএফটিয়ে ই-কমাৰ্চ ৰপ্তানিৰ ওপৰত এমএছএমইবোৰক সজাগ-জ্ঞান প্ৰদান আৰু সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলক বিক্ৰী কৰিবলৈ সক্ষম কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব। এমএছএমইসমূহে ইমেজিং, সামগ্ৰীৰ ডিজিটেল কেটেলগিং, কৰ পৰামৰ্শ আৰু অন্যান্য সেৱাৰ সুবিধা লাভ কৰিবলৈ এমএছএমইসমূহে জড়িত হ’ব পৰা তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীৰ এক গোটৰ প্ৰৱেশো সক্ষম কৰিব। ইয়াৰ দ্বাৰা ভাৰতীয় উদ্যোগীসকলে নিজৰ ই-কমাৰ্চ ৰপ্তানি ব্যৱসায় আৰু বিশ্বব্যাপী ব্ৰেণ্ড গঢ়ি তুলিব পাৰিব। এই বিষয়ে ডিজিএফটিৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান সন্তোষ সাৰংগীয়ে কয় যে- “প্ৰথমতে বিভিন্ন ই-কমাৰ্চ প্লেটফৰ্মৰ সৈতে এনে সহযোগিতাত ডিজিএফটিয়ে ২০৩০ চনৰ ভিতৰত ভাৰতৰ পৰা ২০০-৩০০ বিলিয়ন ডলাৰৰ ইকমাৰ্চ ৰপ্তানি সক্ষম কৰাৰ আমাৰ লক্ষ্যৰ দিশত এক পদক্ষেপ হিচাপে আমাজনৰ সৈতে সহযোগিতা আগবঢ়াইছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *