আমবাৰী এল পি স্কুলত চুৰি

76

মোৰাঝাৰৰ আমবাৰীৰ পৰা সামগ্ৰীসহ এটা চোৰ আটক কৰিবলৈ সক্ষম হয় মোৰাঝাৰ আৰক্ষীয়ে৷ মোৰাঝাৰ টহলধাৰী আৰক্ষীৰ তালাচীত এটা কম্পিউটাৰসহ এটা চোৰ আটক কৰে আৰক্ষীৰ দলটিয়ে৷আটক কৰা চোৰটোৰ নাম নিয়াজুল হক৷ আজমল হকৰ পুত্ৰ
নিয়াজুলৰ ঘৰ আমবাৰীত৷

উল্লেখ্যে যে চোৰটোৰ সৈতে চুৰি সামগ্ৰীসহ এখন অট গাড়ীৰ পৰা ব’লেৰ গাড়ীত সামগ্ৰী ভৰ্তি কৰি থাকোতে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি অট গাড়ীখন জব্দ কৰে৷ অৱশ্যে বলেৰঅ বাহন খন ধৰিব পৰা নাই৷

উল্লেখ্য যে যোৱা ৩ জুলাইত নিশা যোগীজান শিক্ষা খণ্ডৰ আমবাৰী এল পি স্কুলৰ তলা ভাঙি অসম চৰকাৰে প্ৰদান কৰা প্ৰায় ডেৰ লক্ষ টকাৰ কম্পিউটাৰ আৰু আন আন সামগ্ৰী চুৰি হৈছিল৷ তাৰ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষক কবিৰ আহমেদ লস্কৰে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল৷

একে সময়ত বিভাগীয় কতৃপক্ষকো অৱগত কৰিছিল৷ অৱশেষত মোৰাঝাৰ আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই সফলতা অৰ্জন কৰে৷৷ এই চুৰি কাণ্ডৰ বিৰুদ্ধে মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰিদৰ্শক প্ৰশান্ত বেজবৰুৱাই গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

ইপিনে ঘটনা সংক্ৰান্তত জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তই প্ৰধান শিক্ষক গৰাকীক দূৰ্ব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে ভুক্তভোগী প্ৰধান শিক্ষকে৷