আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম এথলেটিকচ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত প্ৰাইজমানি ১০ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২৩ জুনৰ পুৱা ৫ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হৈ নেহেৰু ষ্টেডিয়ামত সামৰণি পৰিবলগীয়া ১০ কিলোমিটাৰ দূৰত্বৰ প্ৰতিযোগিতাখনত প্ৰতিযোগী সকলৰ অংশগ্ৰহন উদ্যোক্তাই কামনা কৰিছে। পুৰুষ-মহিলা উভয়ৰে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত প্ৰথমৰ পৰা পঞ্চম স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলক ক্ৰমে পাচ,চাৰি,তিনি,দুই আৰু এহেজাৰকৈ টকা পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে প্ৰতিযোগীসকলে ৬৯০১৮৫৬৬৯৬,৯৯৫৭৭৪৫৯৩৪ নম্বৰত লগতে assamathleticsassociation@gmail.com আৰু gsaghy1958@gmail.comত ই-মেইলযোগে অহা ২২ জুনৰ পূৰ্বে নামসমূহ প্ৰেৰণ কৰিব লাগিব।  প্ৰতিযোগিতাখনৰ ফ্লেগ অফৰ লগতে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব মোহময়ী অভিনেত্ৰী প্ৰস্ততি পৰাশৰ,বৰষা ৰাণী বিষয়া,শ্যামন্তিকা শৰ্মা,কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু আচুৰ্য বৰপাত্ৰ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *