ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে বুধবাৰে এছিয়া কাপ ২০২২ত হংকঙৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ সমতুল্য হয়।খেলখনৰ বিষয়ে ক’বলৈ গ’লে, ভাৰতে প্ৰথমে বেটিং কৰে আৰু দুটা উইকেট হেৰুৱাই ১৯২ ৰান সংগ্ৰহ কৰে। অপেনাৰ কে এল ৰাহুলে ৩৬ ৰান সংগ্ৰহ কৰে যদিও তেওঁৰ ষ্ট্ৰাইক ৰেট ১০০ ৰ তলত আছিল। একেদৰে, অধিনায়ক ৰোহিত শৰ্মাই ২১ ৰানৰ অৱদান আগবঢ়াই। বিৰাট কোহলীয়ে এছিয়া কাপ ২০২২ ত অৰ্ধশতক অৰ্জন কৰা প্ৰথম জন খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ এটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৪৪ টা বলত ৫৯ ৰান সংগ্ৰহ কৰে। একেদৰে সূৰ্যকুমাৰ যাদৱে ৬টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ২৬ টা বলত ৬৮ ৰান সংগ্ৰহ কৰি দলটোৰ স্ক’ৰ ১৯২ ৰানলৈ লৈ যায়। ইয়াৰ প্ৰত্যুত্তৰত হংকঙে পাঁচটা উইকেট হেৰুৱাই মাত্ৰ ১৫২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক অৰ্ধশতক বিৰাট কোহলীৰ
