আনন্দ মিশ্ৰক চিনি নাপায় গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

নিজৰ বিভাগৰে এগৰাকী জিলা আৰক্ষী অধক্ষকক চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! আই পি এছ আনন্দ মিশ্ৰ কোন বুলি সাংবাদিককে ওলোটাই প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকৰ পদত্যাগৰ বাবে পদত্যাগ পত্ৰ দাখিল কৰিছিল বিভিন্ন সময়ত চৰ্চাত থকা আইপিএছ আনন্দ মিশ্ৰই।

ইতিমধ্যে নিজৰ পছন্দৰ বাইক দুখন ৰে’লযোগে জন্মভূমি বিহাৰলৈ প্ৰেৰণ কৰাৰ পিছত ১৬ জানুৱাৰী অৰ্থাৎ আজি ৰাজ্য এৰাৰ কথা আছিল আনন্দ মিশ্ৰই।

কিন্তু চৰ্চা অনুসৰি আনন্দ মিশ্ৰৰ পদত্যাগ পত্ৰ ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ নকৰি তেওঁক হেড কোৱাৰ্টাৰ ক্লজ কৰা হৈছে।

এই সন্দৰ্ভত আজি আহতগুৰি ম’হযুঁজ উদ্বোধন কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে আনন্দ মিশ্ৰ কোন তেওঁ চিনি নাপায়।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আনন্দ মিশ্ৰ কোন? মই চিনি নাপাওঁ।’’ উল্লেখ্য যে, গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন জিলাৰ এগৰাকী জনপ্ৰিয় আৰক্ষী অধীক্ষকক চিনি নাপাও বুলি কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *