নগাওঁ আৰক্ষী আধীক্ষকক শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বৰ দাবী তুলিলে শ্বেৰমান আলী আহমেদে। ৰাজ্যত সংঘটিত ৯৯ শতাংশ এনকাউণ্টাৰ ভুৱা বুলি মন্তব্য বিধায়কগৰাকীৰ। নগাওঁ আৰক্ষী অধীক্ষকগৰাকীক জেললৈ প্ৰেৰণৰ দাবী তুলিছে বিধায়ক শ্বেৰমানে । কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনাৰ পিছতেই আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছিল সন্দেহৰ। পৱন বৰঠাকুৰ এজনীয়া কমিটীয়ে সমগ্ৰ ঘটনাৰ কৰিছিল তদন্ত।
ইতিমধ্যে এই ঘটনাৰে সৈতে জড়িত অভিযোগত নিলম্বন কৰা হৈছে এছ আই প্ৰদীপ বণিয়াক। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি স্কোৱাডৰ জোৱানসকলক বদলি কৰা হৈছে বিভিন্ন জিলালৈ।