আদৰ্শ মিছিং গাঁও প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

যোৰহাট জিলাৰ অন্তৰ্গত যোৰহাট শিক্ষাখণ্ডৰ কাটনী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত আদৰ্শ মিছিং গাঁও প্ৰাথমিক বিদ্যালয় আৰু দানীগা‍ঁও প্ৰাথমিক বিদ্যালয়ে যৌথভাবে দিনজোৰা কাৰ্যসচীৰে ১৪ নৱেম্বৰ শিশু দিৱস পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপনেৰে অনুষ্ঠান আৰম্ভণি হয়। আদৰ্শ মিছিং গাঁও প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক জিতুল বৰাই আঁত ধৰা সভাখনি সঞ্চালনা কৰে দানীগা‍ঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৃপেন মিলিয়ে। সভাৰ উদ্দেশ্য বাখ্যা কৰে আদৰ্শ মিছিং গাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী নম্ৰতা সোণোৱালে। সভাত আদৰ্শ মিছিং গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মীনা বৰাই ছাত্ৰ-ছাত্ৰীৰ আগত শিশু দিৱসৰ তাৎপৰ্য বিতংকৈ ব্যাখ্যা আগবঢ়াই আৰু শিশু সকলক উদ্দ্যেশি মননশীল ভাষণ আগবঢ়ায়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, গীত, নৃত্য , কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক মানপত্ৰ আৰু কিতাপৰ টোপোলা আগবঢ়োৱা হয়। অনুষ্ঠানত আদৰ্শ মিছিং গাঁওৰ শিক্ষয়িত্ৰী তথা সু গায়িকা নম্ৰতা সোনোৱালে গীত পৰিবেশন কৰি অনুষ্ঠান সজীৱ কৰি তোলে। তদুপৰি স্থানীয় আন এগৰাকী গায়িকা তৃষ্ণামনি দাসে অনুষ্ঠানত গীত পৰিবেশন কৰে। অনুষ্ঠানত দুয়োখন বিদ্যালয়ৰ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া , মাতৃগোট, আৰু স্থানীয় ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই আদৰ্শ মিছিং গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নম্ৰতা সোনোৱালে। সঞ্চালকৰ মন্তব্যত নৃপেন মিলিয়ে দূয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজক সহযোগিতাৰ বাবে ধন্যবাদ জনায় আৰু ভৱিষ্যতে এনেদৰে কাৰ্যসূচীৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *