আদালতে ৰায় প্ৰদান নকৰালৈকে আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন নকৰিবলৈ নিৰ্দেশ দিবৰ বাবে আদালতত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত চলা বিচাৰপীঠে অধিবক্তা মনোহৰ লাল শৰ্মাই দাখিল কৰা পি আই এল নাকচ কৰে।
চিজেআইয়ে কয়, ‘আমি সংবাদ মাধ্যমক কোনো নিষেধাজ্ঞা জাৰি কৰিবলৈ যোৱা নাই। আমি অলপতে অৰ্ডাৰ উচ্চাৰণ কৰো।”
বিচাৰপীঠত ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাও আছিল।