আদানি ট্ৰেন্সমিছনলৈ শক্তি সঞ্চালন খণ্ডৰ ‘গোল্ডেন পিকক এনভাৰোনমেণ্ট মেনেজমেণ্ট এৱাৰ্ড’ খিতাপ

দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ ট্ৰেন্সমিচন আৰু বিতৰণ প্ৰতিষ্ঠান আদানি ট্ৰেন্সমিচন লিমিটেডক পাৱাৰ ট্ৰেন্সমিচন খণ্ডৰ ইনষ্টিটিউট অৱ ডাইৰেক্টৰ্ছ (আইঅ’ডি)ৰ দ্বাৰা সন্মানীয় ‘গোল্ডেন পিকক এনভাৰোনমেণ্ট মেনেজমেণ্ট এৱাৰ্ড’ সন্মান প্ৰদান কৰা হৈছে। এটিএললৈ পাৰিপাৰ্শ্বিক পদাংক(ফুটপ্ৰিণ্ট) হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি আৰু পদক্ষেপৰ বাবে গোল্ডেন পিকক পৰিৱেশ ব্যৱস্থাপনা বঁটা আগবঢ়োৱা হৈছে।

এই বঁটাই লেণ্ডফিল, একক ব্যৱহাৰৰ প্লাষ্টিক-ফ্ৰী, ৱাটাৰ-পজিটিভ কাৰ্যকলাপ, নৱীকৰণযোগ্য শক্তি একত্ৰিকৰণ আৰু শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পৰিৱেশ ব্যৱস্থাপনা কৌশলৰ জৰিয়তে এটিএলৰ শূন্য আৱৰ্জনা প্ৰয়াসক স্বীকৃতি প্ৰদান কৰিলে। এই স্বীকৃতিয়ে বহনক্ষম পদ্ধতিৰ প্ৰতি এটিএলৰ সমৰ্পণ আৰু এজন দায়িত্বশীল কৰ্পোৰেট নাগৰিক হিচাপে নিজৰ ভূমিকা প্ৰতিফলিত কৰিছে। এই বঁটা হৈছে এটিএলৰ দীৰ্ঘম্যাদী পৰিৱেশ-সামাজিক-শাসন (ইএছজি) প্ৰতিশ্ৰুতিৰ এক উৎসাহজনক স্বীকৃতি।

এই বৰ্ষত পৰিৱেশ, স্বাস্থ্য আৰু সুৰক্ষা, শক্তি তথা জলবায়ু পৰিৱৰ্তন বিশেষজ্ঞসকলৰে গঠিত এক মূল্যায়ন গোটে ৫২০ৰো অধিক আবেদন ইতিমধ্যে মূল্যায়ন কৰিছে। এই আৱেদনসমূহ পৰৱৰ্তী সময়ত দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ ন্যায়াধীশ এম এন ভেংকটাচলিয়া আৰু ভাৰতীয় সংবিধান সংস্কাৰৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষতাত এক বিশিষ্ট জ্যুৰী সমিতিৰ দ্বাৰা পৰ্যালোচনা কৰা হয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *