আঠ দশকৰ মহাকাশ অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিলে বয়িঙৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নৰেন্দ্ৰ মোদীয়ে

বয়িঙ[এন ৱাই এছ ই: বি এ]ৰ প্ৰেচিডেণ্ট তথা মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ এল কেলহাউনে ৱাশ্বিংটন ডি চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ভাৰতৰ সৈতে বয়িঙৰ আঠ দশকজোৰা এৰোস্পেচ(মহাকাশ) অংশীদাৰিত্বৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

বয়িঙে ভাৰতত নতুন সেৱা চুক্তি ঘোষণা কৰিছে আৰু পেৰিছ এয়াৰ শ্ব’ত ২৯০খনলৈকে বোয়িং জেট বিমানৰ বাবে এয়াৰ ইণ্ডিয়াৰ অৰ্ডাৰ চূড়ান্ত কৰিছে। যাৰ ফলত ভাৰতৰ বাণিজ্যিক বিমান পৰিবহন আৰু প্ৰতিৰক্ষা খণ্ডৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰি তুলিলে। বিশ্বব্যাপী মহাকাশ কোম্পানী হিচাপে বয়িঙে ১৫০ খনতকৈও অধিক দেশৰ গ্ৰাহকৰ বাবে বাণিজ্যিক বিমান, প্ৰতিৰক্ষা সামগ্ৰী আৰু মহাকাশ ব্যৱস্থা বিকশিত, নিৰ্মাণ আৰু সেৱা আগবঢ়ায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ৰপ্তানিকৰ্তা হিচাপে কোম্পানীটোৱে অৰ্থনৈতিক সুযোগ, বহনক্ষমতা আৰু সামূহিক প্ৰভাৱ আগুৱাই নিবলৈ এক বিশ্বব্যাপী যোগানকৰ্তা আধাৰৰ প্ৰতিভাৰ সহায় লয়।

বয়িঙৰ বৈচিত্ৰ্যময়  দলটোৰ উদ্ভাৱন, বহনক্ষমতা আৰু সুৰক্ষা, মানদণ্ড আৰু সমন্বয়ৰ ওপৰত আধাৰিত সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত। নিজৰ দলত যোগদান কৰক আৰু boeing.com/careersত আপোনাৰ উদ্দেশ্য বিচাৰি উলিয়াওক। এই বিষয়ে কেলহাউনে কয় যে, “ভাৰতৰ বাণিজ্যিক বিমান বজাৰৰ দ্ৰুত সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বাহিনীৰ মিছনৰ প্ৰস্তুতি আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বোয়িঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ পাই গৌৰৱান্বিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *