আজমল পাৰফিউমে দুৰ্গা পূজাৰ বাবে আগবঢ়াইছে নিখুঁত উপহাৰ টোপোলা

আজমল পাৰফিউমে গ্ৰাহকসকলক প্ৰিয় সুগন্ধিৰ এটা বাকচ প্ৰস্তুত কৰাৰ বাবে এক ফেষ্টিভ অফাৰ আগবঢ়াইছে যাৰ বাবে সকলো পেণ্টালুন ষ্ট’ৰত অতিৰিক্ত লাভালাভ আছে। প্ৰতিষ্ঠানটোৰ এনে সুন্দৰ সুগন্ধি প্ৰস্তুত কৰাত দক্ষতা আছে, যিয়ে অন্তৰংগ স্মৃতি জাগ্ৰত কৰাৰ লগতে দূৰৱৰ্তী পৃথিৱীৰ অনুভূতিসমূহ জগাই তোলে। আজমল পাৰফিউমৰ সুগন্ধিৰ ঘ্ৰাণশক্তিত ৰৈ থকাৰ অনন্য ক্ষমতা আছে, যাৰ ফলত আজমল পাৰফিউমে ৭০ বছৰৰো অধিক সময় ধৰি স্মৃতি সজীৱ কৰি ৰাখি নিজৰ সেৱা অব্যাহত ৰাখিছে।

আজমল পাৰফিউমে এই ফেষ্টিভ ছিজনত বিশেষভাৱে সজাই তোলা পাৰফিউম গিফ্ট ছেটৰ সৈতে উদযাপন কৰিছে, যিসমূহ পেণ্টালুনৰ যিকোনো আজমল পাৰ্ফিউমছৰ বিপণীৰ পৰা নূন্যতম ১৫০০ টকা ক্ৰয়ত উপলব্ধ।  ইয়াৰ লগতে এক আল্টিমেট ফেষ্টিভ অফাৰ হিচাপে গ্ৰাহকসকলে আজমল পাৰফিউমৰ পৰা নিৰ্বাচিত সামগ্ৰীৰ ওপৰত ৫০% পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব।

আজমল পাৰ্ফিউমছৰ আছে ৩০০ৰো অধিক মনোমোহা সুগন্ধি। সমগ্ৰ পৃথিৱীজুৰি ২৪০ৰো অধিক ‘ক্ৰাফটিং মেম’ৰিজ’ শ্ব’ৰুমৰ সৈতে এক শক্তিশালী খুচুৰা উপস্থিতি আৰু ৫০খন দেশলৈ সামগ্ৰী ৰপ্তানিৰে আন্তঃৰাষ্ট্ৰীয় উপস্থিতি, ডিউটি ফ্ৰী স্থান আৰু এয়াৰনাইসমূহতো এক্সক্লুছিভ উপস্থিতি থকা এটা অন্যতম কৰ্পৰেট সত্তা হৈছে আজমল পাৰ্ফিউম। ফেষ্টিভ ষ্ট্ৰেটেজী সন্দৰ্ভত মন্তব্য কৰি আজমল গ্ৰুপৰ চিইঅ’ আব্দুল্লা আজমলে কয় যে, “যেতিয়া আমি নতুন সামগ্ৰী ডিজাইন আৰু মুকলি কৰোঁ, তেতিয়া আমি বিভিন্ন গ্ৰাহকৰ ছেগমেণ্টৰ ৱালেটৰ আকাৰ আৰু ঘ্ৰাণ সক্ৰিয়(অ’লফ্লেক্টিভ ) সংবেদনশীলতাৰ কথা মনত ৰাখোঁ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *