আকৌ গ্ৰাহকক কন্দুৱাইছে পিঁয়াজে! শীঘ্ৰে ১০০ টকা পৰ্যন্ত হ’ব প্ৰতি কেজি পিঁয়াজৰ দাম…

আকৌ জনতাক কন্দুৱাবলৈ সাজু হৈছে পিঁয়াজে। শেহতীয়াকৈ বিলাহী আৰু পিঁয়াজৰ দামৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে বজাৰত। কম সময়ৰ ভিতৰতে হঠাৎ পিঁয়াজৰ দাম বৃদ্ধি হৈ প্ৰতি কেজি ৬৫ টকাৰ পৰা ৭০ টকা পৰ্যন্ত হৈছেগৈ। শাক-পাচলি বিক্ৰেতাসকলে কয় যে পিঁয়াজৰ দাম আৰু বৃদ্ধি পাব আৰু প্ৰতি কেজিত ১০০ টকা পৰ্যন্ত হ’ব পাৰে।

দিল্লীৰ গাজীপুৰ মণ্ডিত এএনআইৰ সৈতে হোৱা কথা-বতৰাত এজন পিঁয়াজ ব্যৱসায়ীয়ে কয় যে বৰ্তমান পিঁয়াজৰ আমদানি কম, যাৰ বাবে দাম বেছি হৈছে। আজি পিঁয়াজৰ দাম প্ৰতি ৫ কেজিত ৩৫০ টকা হৈ পৰিছে, আনহাতে কালি এই দাম আছিল ৩০০ টকা। কিছুদিন আগলৈকে দাম আছিল ২০০ টকা। পিয়াঁজৰ ব্যৱসায়ীজনে আৰু কয় যে যোৱা এসপ্তাহৰ পৰা ক্ৰমান্বয়ে পিঁয়াজৰ মূল্যবৃদ্ধি হৈছে।

পিটিআই সংস্থাৰ তথ্য অনুসৰি মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে বতৰ সম্পৰ্কীয় কাৰণত পিঁয়াজ বীজ সিঁচাৰ পলম হোৱাৰ ফলত শস্য কম হয় আৰু শস্যৰ আগমনত পলম হয়। বিষয়াগৰাকীয়ে কয় যে এতিয়ালৈকে সতেজ খাৰিফ পিঁয়াজৰ আগমন আৰম্ভ হ’ব লাগিছিল যদিও সেয়া নহ’ল। মজুত ৰবি পিঁয়াজ ক্ষয় হোৱাৰ লগতে খাৰিফ পিঁয়াজৰ আগমনত পলম হোৱাৰ ফলত যোগানৰ পৰিস্থিতি বেয়া, যাৰ ফলত পাইকাৰী আৰু খুচুৰা উভয় বজাৰতে দাম বৃদ্ধি পাইছে। তেওঁ কয় যে চলিত বৰ্ষ ২০২৩-২৪ চনত চৰকাৰে পিঁয়াজৰ বাবে ‘বাফাৰ ষ্টক’ দুগুণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত অনাগত দিনত ঘৰুৱা উপলব্ধতা উন্নত হোৱাৰ লগতে বৃদ্ধি পোৱা মূল্য ৰোধ কৰিব পৰা যাব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *