উদয়পুৰৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ভিতৰত এজন যাত্ৰীৰ মোবাইল ফোনৰ বেটাৰী বিস্ফোৰণৰ পিছতে বিমানখন জৰুৰী অৱতনৰ কৰিবলগীয়া হয়।
বিমানখনত সেই সময়ত ক্ৰু মেম্বাৰসহ ১৪০ জন যাত্ৰী আছিল। আটাইকেইজন যাত্ৰী নিৰাপদ বুলি জানিব পৰা গৈছে।
উদয়পুৰৰ ডাবক বিমানবন্দৰত পৰিদৰ্শন কৰি বিমানখন দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ দিয়া বুলি জানিব পৰা গৈছে।