আইবিএমৰ ৰিপ’ৰ্টত প্ৰকাশ যে হাইব্ৰিড ক্লাউড পদ্ধতিক জেনেৰেটিভ এআইৰ শক্তিক আনলক কৰিবলৈ যথেষ্ট জটিল

আইবিএমৰ সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতৰ ৬৪% হাইব্ৰিড ক্লাউড ব্যৱহাৰকাৰীৰ জেনেৰেটিভ এআইৰ বাবে আনুষ্ঠানিক নীতি আছে, কিন্তু প্ৰথম অৱস্থাত গ্ৰহণ কৰা(এডপচন)ত লেহেমীয়া কৰা প্ৰত্যাহ্বানসমূহে বৰ্তমানেও সঠিক ৰূপত ৰূপায়ণত বাধাৰ সৃষ্টি কৰি আহিছেহাইব্ৰিড ক্লাউড পদ্ধতিৰ সম্ভাৱ্য সুবিধাসমূহৰ সত্ত্বেও ক্লাউড লীডাৰসকলে জেনএআই গ্ৰহণ বা আঁকোৱালি লোৱাৰ সময়ত ব্যক্তিগত আৰু গোপনীয় সমস্যাসমূহৰ বিভিন্ন দিশক লৈ চিন্তিত। তেওঁলোকে বিশ্বাস কৰে যে বহনক্ষমতাৰ পদক্ষেপবোৰ পৰিচালনাৰ বাবে ক্লাউড পৰিৱেশ অতি প্ৰয়োজনীয়, কিন্তু কৰ্মশক্তিৰ দক্ষতাৰ অভাৱে ইয়াক সঠিক ৰূপত ৰূপায়ণত প্ৰভাৱ পেলাইছে, যিয়ে উন্নত ক্লাউড দক্ষতাৰ প্ৰয়োজনীয়তাক প্ৰৌজ্বল বা অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে।

আইবিএম ক্লাউড ট্ৰেন্সফৰ্মেচন প্ৰতিবেদন ২০২৩ত প্ৰকাশ পাইছে যে ৬৮% ভাৰতীয় সিদ্ধান্ত লওঁতা বা সিদ্ধান্ত গ্ৰহণকাৰীয়ে ক্লাউড দক্ষতাক অন্যতম প্ৰত্যাহ্বান বুলি বিবেচনা কৰে, ৬০% ক্লাউড লীডাৰে কামৰ বোজা সলনি কৰাৰ কাৰণ হিচাপে সুৰক্ষা বা অনুপালনৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও ৪৯% ভাৰতীয়ই বিশ্বাস কৰে যে, বহনক্ষমতাই এইসকল লোকৰ ডিজিটেল ৰূপান্তৰ কৌশলক পৰিচালিত কৰি আহিছে, যাৰ লক্ষ্য হৈছে বিভিন্ন সংস্থাসমূহক নিজৰ ক্লাউড ৰূপান্তৰৰ মানচিত্ৰ তৈয়াৰ কৰাত সহায় কৰা। আগশাৰীৰ বিশেষজ্ঞ ক্লাউড পেছাদাৰীসকলৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই সূচকাংকই উদ্যোগসমূহক নিজৰ অগ্ৰগতি পৰিমাপ কৰাত সহায় কৰে আৰু বিকাশৰ সুযোগ চিনাক্ত কৰে।

প্ৰতিবেদনৰ পূৰ্বে পৃথিৱীৰ ১২খন দেশ আৰু ২৩টা উদ্যোগৰ ৩,০০০ৰো অধিক আইটি আৰু ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণকাৰীৰ দ্বাৰা সমীক্ষা কৰা হৈছে। আইবিএম ইণ্ডিয়া এণ্ড চাউথ এছিয়াৰ টেকন’লজীৰ ভাইচ প্ৰেচিডেণ্ট বিশ্বনাথ ৰামাস্বামীয়ে এই বিষয়ে মন্তব্য কৰি কয় যে, “প্ৰায় ৮৫% উত্তৰদাতাই ইংগিত দিছে যে তেওঁলোকে এই জেনেৰেটিভ এআই যুগত ক্লাউড দক্ষতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ নতুন নিয়োগ বা সুযোগ সৃষ্টি কৰাৰ আশা দেখি আনন্দিত হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *