আইবিএমে সমগ্ৰ দেশৰ নন-মেট্ৰ’ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰসমূহলৈ চলি থকা সম্প্ৰসাৰণৰ অংশ হিচাপে গুজৰাটৰ গান্ধীনগৰত নতুন আইবিএম কনচাল্টিং ক্লায়েণ্ট ইনোভেচন চেণ্টাৰ(চিআইচি) মুকলি কৰিছে। এই নতুন কেন্দ্ৰটোৱে এআই, হাইব্ৰিড ক্লাউড আৰু চাইবাৰ সুৰক্ষাৰ দৰে মূল প্ৰযুক্তিগত ক্ষেত্ৰসমূহত গুৰুত্ব দিব আৰু অটমেটিক থ্ৰেট মেনেজমেণ্ট(ভাবুকি ব্যৱস্থাপনা স্বয়ংক্ৰিয়), নিয়ন্ত্ৰণ অনুসৰণ(ৰেগুলেটৰী কমপ্লায়েঞ্চ) উন্নীত কৰা আৰু বিভিন্ন আগ্ৰাসী নীতি প্ৰস্তুতৰ বাবে ক্লায়েণ্টসকলক সক্ৰিয়ভাৱে প্ৰস্তুত কৰাৰ বাবে চাইবাৰ সুৰক্ষা প্লেটফৰ্ম আৰু ত্বৰক(এক্সেলেৰেটৰ) প্ৰস্তুতৰ বাবে নিৰাপত্তা অভিযান্ত্ৰিক প্ৰতিভা পুল(ছিকিউৰিটী ইঞ্জনিয়াৰিং টেলেণ্ট পুল)ৰ সহায় ল’ব।
গান্ধীনগৰলৈ এই সম্প্ৰসাৰণে বৰ্তমানৰ কৰ্মচাৰীসকলৰ বাবে সুযোগ সৃষ্টি কৰিব আৰু চহৰখনৰ ভিতৰত আৰু নিজৰ আশে-পাশে থকা শৈক্ষিক পৰিৱেশ তন্ত্ৰৰ পৰা স্নাতকসকলক নিযুক্তিকে ধৰি সম্ভাৱ্য প্ৰতিভাক উচিত ব্যৱহাৰ কৰিবলৈ আইবিএম সক্ষম কৰি তুলিব। আইবিএম এতিয়া ভাৰতৰ ১২টা চিআইচি স্থানৰ পৰা কাম কৰিব, যাৰ ভিতৰত আছে ভুৱনেশ্বৰ, বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, কলকাতা, মুম্বাই, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, পুনে, মহীশূৰ, কোচি আৰু কইম্বাটোৰ। আইবিএমৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাই ডিজিটেল ৰূপান্তৰ যাত্ৰাত গুজৰাটৰ সফলতাৰ মূল চালিকাশক্তি হৈ আছে আৰু ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত অৰিহণা যোগাইছে।
এই বিষয়ে আইবিএম কনচাল্টিঙৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট জন গ্ৰেঞ্জাৰে কয় যে, “গান্ধীনগৰলৈ আমাৰ চিআইচি নেটৱৰ্কৰ সম্প্ৰসাৰণে আমাৰ সম্পদ-নেতৃত্বাধীন তথ্যপ্ৰযুক্তি সেৱাৰ ডেলিভাৰী বৃদ্ধি কৰিব আৰু সমগ্ৰ বিশ্বত আমাৰ গ্ৰাহক আৰু অংশীদাৰসকলৰ বাবে মূল্য প্ৰস্তাৱ(ভেল্যু প্ৰপজিছন) বৃদ্ধি কৰিব।”