বিদেশৰ ভূমিত দেশৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আইডেমিটছু হোণ্ডা ৰেচিং ইণ্ডিয়া দলে। ৰাইডাৰ কভিন সমৰ কুইণ্টলে জাপানত অনুষ্ঠিত ২০২৩ চনৰ এফ আই এম এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপ (এ আৰ আৰ চি)ৰ তৃতীয় ৰাউণ্ডৰ দ্বিতীয় ৰেছত দলটোৰ বাবে কঢ়িয়াই আনিলে সুখবৰ। একক ভাৰতীয় ৰাইডাৰ কভিন সমৰ কুইণ্টলে ট্ৰেকত সৰ্বোচ্চ উজাৰি দি আৰু স্থিৰ প্ৰদৰ্শনেৰে প্ৰত্যাহ্বানেৰে ভৰা প্ৰতিযোগিতাখনত শীৰ্ষ ১০ত সমাপ্ত কৰিলে নিজৰ স্থান।
১৮ নম্বৰ স্থানত আৰম্ভণিৰে পৰা কভিনে নিজৰ প্ৰতিভা আৰু বিশেষ কৌশল প্ৰয়োগ কৰি অভিজ্ঞ আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰসকলক তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। প্ৰথম কেইটামান লেপত ১১ নম্বৰ স্থান দখল কৰি ২০’ ২৪.৭১৭ লেপ সময়েৰে ৮ নম্বৰ স্থানত চেকাৰ লাইন অতিক্ৰম কৰি আইডেমিটছু হোণ্ডা ৰেচিং ইণ্ডিয়া দলৰ বাবে অৰ্জন কৰে গুৰুত্বপূৰ্ণ ৮ পইণ্ট।
২০২৩ চনৰ এফ আই এম এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডতো অতিৰিক্ত ৮ পইণ্ট লাভ কৰি দলটোৱে নিজৰ স্থান সুদৃঢ় কৰি তুলিছিল আৰু সামগ্ৰিকভাৱে ১৯ পইণ্টলৈ বৃদ্ধি কৰে নিজৰ মান। খেলৰ অন্তত আইডেমিৎছুৰ উদ্ধৃতিৰে হোণ্ডা ৰেচিং ইণ্ডিয়াৰ ৰাইডাৰ কভিন কুইণ্টলে কয় যে, গৃহাভিমুখী হোৱাৰ পিছত এই ৰাউণ্ডৰ অভিজ্ঞতাখিনি পৰৱৰ্তী ৰাউণ্ডত মোৰ স্থান উন্নত কৰাৰ বাবে আৰু অধিক অনুশীলন কৰিম।” উল্লেখ্য যে, ইণ্ডোনেছিয়ান এফ আই এম এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপৰ চতুৰ্থ ৰাউণ্ডৰ বাবে প্ৰস্তুতি চলাইছে আইডেমিৎছু হোণ্ডা ৰেচিং ইণ্ডিয়াই।