আইটিচি চানৰাইজ পিয়ৰে আৰম্ভ কৰিছে ‘অগ্ৰগামিনী’ অভিযান

অসমৰ উদীয়মান-প্ৰতিভাৱান-অগ্ৰগামী মহিলা উদ্যোগীসকলক উদযাপন আৰু স্বীকৃতি প্ৰদানৰ বাবে আইটিচি ছানৰাইজ পিয়ৰে আছাম ষ্টাৰ্টআপ আৰু এআইআইডিচিৰ সৈতে অংশীদাৰিত্ব কৰিছে। ‘অগ্ৰগামিনী’ অভিযানে ১০ গৰাকী মহিলা উদ্যোগীক স্বীকৃতি প্ৰদান কৰিব, যিয়ে আনৰ বাবে জীৱিকা সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। বিশেষভাৱে কিউৰেট(প্ৰস্তুত) কৰা ভিডিঅ’ ছিৰিজে এইসকল মহিলাৰ প্ৰেৰণাদায়ক যাত্ৰা আৰু দূৰদৰ্শী ধাৰণাসমূহ প্ৰদৰ্শন কৰিব, লগতে মহিলাসকলৰ স্থিতিস্থাপকতা, কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাক আলোকপাত কৰি জ্যোতিস্মান কৰি তুলিব। এই ব্ৰেণ্ডটোৱে উদীয়মান উদ্যোগীসকলক ষ্টাৰ্ট-আপ প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ব্যৱসায়িক ধাৰণা প্ৰদৰ্শন কৰাৰ বাবে এখন প্লেটফৰ্ম প্ৰদান কৰিব।

আগশাৰীৰ তিনিটা ব্যৱসায়ক ১ লাখ টকা পৰ্যন্ত নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। লগতে নিজৰ ব্যৱসায় বৃদ্ধি-প্ৰসাৰ আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰি সফল কৰি তুলিবলৈ অসম ষ্টাৰ্ট-আপ চেলৰ পৰা সমৰ্থন লাভ কৰিব। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু পি ই বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত শুভাৰম্ভ কৰা ১০টা খণ্ডৰ ভিডিঅ’ ছিৰিজত প্ৰত্যাহ্বান নেওচি আনক অনুপ্ৰাণিত কৰাৰ পথ প্ৰশস্ত কৰা মহিলাসকলৰ অকথিত কাহিনী প্ৰদৰ্শন কৰা হ’ব।

এই ধাৰাবাহিকখনে বিভিন্ন উদ্যোগক সামৰি ল’ব, য’ত দৰ্শকসকলক অসমত মহিলাসকলে কেনেদৰে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, তাৰ বিষয়ে এক ব্যাপক দৃষ্টিভংগী আগবঢ়াব। এি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছানৰাইজ পিয়ৰ স্পাইচেছৰ ব্যৱসায়িক মুৰব্বী পীযুষ মিশ্ৰই কয় যে, “আমি এই অভিযান আৰম্ভ কৰি আনন্দিত হৈছো, কিয়নো এই প্ৰয়াসে কেৱল মহিলা উদ্যোগীসকলৰ সাফল্য উদযাপন কৰাই নহয়, লগতে উচ্চাকাংক্ষী ব্যৱসায়ী মহিলাসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপেও কাম কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *