আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব নিছানৰ

নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল স্পনছৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) হিচাপে ইণ্টাৰনেচনেল ক্ৰিকেট কাউঞ্চিল(আইচিচি)ৰ সৈতে একেৰাহে অষ্টম বৰ্ষৰ অংশীদাৰিত্ব ঘোষণা কৰিছে। এই বহু প্ৰত্যাশিত প্ৰতিযোগিতাখন ভাৰতত ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰ, ২০২৩লৈ অনুষ্ঠিত হ’ব আৰু ইয়াত বিশ্বকাপৰ অফিচিয়েল বাহন হিচাপে বিগ, বোল্ড আৰু বিউটিফুল নিছান মেগনাইট প্ৰদৰ্শিত হ’ব। নিছান মটৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(আইচিচি)ৰ সৈতে অংশীদাৰীত্বক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আৰু উৎসৱমুখৰ ক্ৰিকেট বতৰ উদযাপনৰ বাবে নিছান মাগনাইট কুৰো বিশেষ সংস্কৰণ মুকলি কৰিছে।

নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব কৰি ষ্টেডিয়ামত নিছান গাড়ীখন প্ৰদৰ্শন কৰাৰ লগতে টুৰ্ণামেণ্ট ট্ৰফী ট্যুৰৰ জৰিয়তে ক্ৰিকেট অনুৰাগীসকলক আকৰ্ষিত কৰিছে। প্ৰতিষ্ঠানটোৱে মলসমূহত 3ডি ট্ৰফী মুকলি কৰিব আৰু গ্ৰাহকে নিছান মেগনাইটৰ সৈতে চেলফি তুলি টিকট লাভ কৰিব পাৰিব।

এই সন্দৰ্ভত মন্তব্য কৰি নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, ” নিছানে নিজৰ অষ্টম বৰ্ষৰ অংশীদাৰিত্বৰ স্মৃতিত নিছান মেগনাইট কুৰো স্পেচিয়েল এডিছন প্ৰৱৰ্তন কৰাটো এটা গৌৰৱৰ ক্ষণ। কিয়নো এই প্ৰতিযোগিতাৰ বাবে নিছানে লাখ লাখ ক্ৰিকেট অনুৰাগীৰ সৈতে নিজৰ গভীৰ আবেগৰ ওপৰত একাধিক কাৰ্যকলাপৰ সৈতে জড়িত হ’ব, বিশেষকৈ ভাৰতত য’ত ক্ৰিকেট এক উৎসৱ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *