আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ বাবে অফিচিয়েল ড্ৰিংকৰ নাম ঘোষণা কৰিছে লিমকা স্প’ৰ্টজে

লিমকা ইণ্ডিয়াৰ হাইড্ৰেচন ড্ৰিংক লিমকা স্প’ৰ্টজক আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে অফিচিয়েল স্পৰ্টছ ড্ৰিংক হিচাপে নিৰ্বাচিত কৰা হৈছে, যিয়ে খেলুৱৈ আৰু খেলৰ সৈতে পৰোক্ষভাৱে জড়িত ব্যক্তিসকলক সমৰ্থন কৰাৰ বাবে নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰিছে।


লিমকাস্পৰ্টজ আয়ন ৪ হৈছে এক কম কেলৰিযুক্ত ক্ৰীড়া পানীয়, যিয়ে গ্লুক’জ, ইলেক্ট্ৰ’লাইট (ছডিয়াম, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম) আৰু বি-ভিটামিন ব্যৱহাৰ কৰি শাৰীৰিক কাৰ্য-কলাপৰ সময়ত দ্ৰুত ৰিহাইড্ৰেচন আৰু স্থায়ী শক্তি প্ৰদান কৰে। বিশেষজ্ঞৰ দ্বাৰা সৃষ্টি কৰা ই পুনৰ ৰিহাইড্ৰেচন, ৰিএনাৰ্জাইজিং আৰু পুনৰ পূৰণ(ৰিপ্লেনেছিং)ত উৎকৃষ্ট। ইয়াৰ উপৰিও ই #RukMat (কেতিয়াও বন্ধ নহ’ব)ৰ বাৰ্তা প্ৰেৰণ কৰে, ব্ৰেণ্ডটোৰ অদম্য অধ্যৱসায় আৰু জীৱনীশক্তিৰ নিৰন্তৰ মনোভাৱক মূৰ্ত কৰি ক্ৰিকেটাৰসকলৰ মনোভাৱক প্ৰচাৰ কৰে। অলিম্পিক আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক জয়ী নীৰজ চোপ্ৰাই লিমকা স্পৰ্টজ ইয়ো-ইয়ো চেলেঞ্জৰ সময়ত নিজৰ উৎসাহ প্ৰকাশ কৰি কয় যে, “এয়া এনে এক প্ৰত্যাহ্বান যিয়ে দক্ষ প্ৰদৰ্শনক প্ৰসাৰিত কৰি প্ৰতিজন অংশগ্ৰহণকাৰীক নিজৰ সীমাৰ পৰিধি ভাঙি অবিৰতভাৱে আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে।”


লিমকা স্প’ৰ্টজে ইয়ো-ইয়ো টেষ্ট প্ৰত্যাহ্বান চেলেঞ্জ কৰিছে, যি এজন ব্যক্তিৰ এৰ’বিক ফিটনেছ আৰু সহনশীলতাৰ এক বিস্তৃত পৰিমাপ। প্ৰথম সংস্কৰণটোত ভাৰতৰ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাক সামাজিক মাধ্যমত দেখুওৱা হ’ব। ‘ইয়ো-ইয়ো টেষ্ট লেকে দেখাও, বিশ্বকাপ জানে কা মৌকা পাও’ নামৰ এই অভিযানে গ্ৰাহকসকলক লিমকা স্প’ৰ্টজৰ বটলত কিউআৰ কোড স্কেন কৰি বিশ্বকাপৰ খেলৰ টিকট জিকি খেল চোৱাৰ সুবিধা লাভ কৰিব পাৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ বৃদ্ধি কৰা।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *