আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ বিত্তীয় বৰ্ষ ২০২৪ৰ দ্বিতীয় ত্ৰৈমাসিকত ক্লেইম নিষ্পত্তিত কৃতিত্ব

২০২৪ চনৰ দ্বিতীয় ত্ৰৈমাসিক-বিত্তীয় বৰ্ষত ব্যক্তিগত খণ্ডৰ জীৱন বীমা প্ৰতিষ্ঠানসমূহৰ মাজত দাবী নিষ্পত্তি অনুপাতত আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে শীৰ্ষস্থান দখল কৰিছে, দাবী নিষ্পত্তি অনুপাত ৯৮.১৪%। ২০২৪ চনৰ প্ৰথম বিত্তীয় বৰ্ষত কোম্পানীটোৱে ৯৭.৯% সৰ্বোত্তম দাবী নিষ্পত্তি(বেষ্ট ক্লেইম চেটলমেণ্ট) অনুপাত লাভ কৰিছিল, যিয়ে গ্ৰাহক আৰু গ্ৰাহকসকলৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, ২০২৩ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটোৰ দাবী নিষ্পত্তি অনুপাত আছিল ৯৮.৭%, য’ত প্ৰকৃত মৃত্যুৰ দাবী নিষ্পত্তি কৰিবলৈ গড় সময় লাগিছিল ১.২ দিন। যাৰ ফলত দাবীদাৰসকলে দাবীৰ পৰিমাণ বা ধনৰাশি তাৎক্ষণিক প্ৰৱেশাধিকাৰ বা লাভ কৰাটো নিশ্চিত হয়।

২০২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ ক্লেইম নিষ্পত্তিৰ অনুপাত সৰ্বাধিক, ৯৮.১৪%। ইয়াৰ পিছতে আছে টাটা এআইএ লাইফ বীমা ৯০.৫৫%, এইচডিএফচি লাইফ ৯৬.৬২%, বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্স ৯১.৭৯%, মেক্স লাইফ ইঞ্চুৰেন্স ৯৫.৯০ %, আৰু এছবিআই লাইফ ইঞ্চুৰেন্স ৯৫.৬৭%। ই দাবী নিষ্পত্তি(ছেটলিং ক্লেইম)ৰ ক্ষেত্ৰত আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ স্থিৰতা প্ৰদৰ্শন কৰে। কোম্পানীটোৰ ৱেবছাইটত এই তথ্যসমূহ ৰাজহুৱাভাৱে উপলব্ধ আৰু ইয়াৰ ‘ক্লেইম ফৰ চ্যৰ’ সেৱা প্ৰচেষ্টাই সকলো প্ৰয়োজনীয় নথি-পত্ৰ লাভৰ মাত্ৰ ১ দিনত সকলো যোগ্য মৃত্যুৰ দাবী নিষ্পত্তি হোৱাটো নিশ্চিত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *