আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে উৎকৃষ্ট গ্ৰাহক সেৱা প্ৰদানৰ লগতে নিষ্পত্তি কৰিছে ৯৭.৯% দাবী

দাবী নিষ্পত্তি(ক্লেইম ছেটলমেণ্ট)ৰ অনুপাত এটা ভাল জীৱন বীমা প্ৰতিষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কাৰক, যিয়ে মুঠ দাবীৰ তুলনাত পৰিশোধ কৰা বীমা দাবীৰ শতাংশ সূচায়। ইয়াক প্ৰায়ে উপেক্ষা কৰা হয় যদিও ই প্ৰতিষ্ঠানটোৰ দাবী পৰিশোধ কৰাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্যতাক সূচায়। ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ শেহতীয়া দাবী নিষ্পত্তিৰ অনুপাত তুলনাৰ বাবে উপলব্ধ হৈছে।

এই দাবী নিষ্পত্তিৰ অনুপাত সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ ৱেবছাইটত ৰাজহুৱাভাৱে প্ৰকাশিত তথ্যৰ পৰা আহৰণ কৰা হৈছে, নিম্নলিখিত ধৰণে: আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্স ৯৭.৯০%, এইচডিএফচি লাইফ ইঞ্চুৰেন্স ৯৬.৭০%, এছবিআই লাইফ ইঞ্চুৰেন্স ৯৫.৮০%, বাজাজ এলিয়ানজ লাইফ ইঞ্চুৰেন্স ৯৩.৫০%, মেক্স লাইফ ইঞ্চুৰেন্স ৮৬.৩০%, আৰু টাটা এআইএ লাইফ ইঞ্চুৰেন্স ৭৭.৩০%।

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্স হৈছে এটা শীৰ্ষ-স্তৰৰ বীমা প্ৰতিষ্ঠান, যিয়ে ৯৭.৯% দাবী নিষ্পত্তি কৰে আৰু উৎকৃষ্ট গ্ৰাহক সেৱা প্ৰদান কৰাৰ লগতে গ্ৰাহক আৰু গ্ৰাহকসকলৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিশ্বাসযোগ্যতা আৰু সামৰ্থ্যও প্ৰদৰ্শন কৰে। কোম্পানীটোৰ ‘ক্লেইম ফৰ চিয়ৰ’ পদক্ষেপে সকলো প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰাৰ লগে লগে মাত্ৰ ১ দিনত সকলো যোগ্য মৃত্যুৰ দাবী(ডেথ ক্লেইম) নিষ্পত্তি হোৱাটো নিশ্চিত কৰে। ‘ক্লেইম ফৰ চিয়ৰ’ নামৰ এই সেৱা প্ৰয়াসৰ জৰিয়তে কোম্পানীয়ে পৰিয়ালৰ কোনো সদস্যক হেৰুওৱাৰ ফলত পৰিয়ালসমূহৰ আৰ্থিক দুৰ্দশা হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *