আইএছআৰএলৰ ৰেইজ মট’স্প’ৰ্টছক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা 

চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) উদ্বোধনী ছিজনৰ বাবে ষষ্ঠটো দল ৰূপে ৰেইজ মট’স্প’ৰ্টছক সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। ৰেইজ মট’ৰ মালিকানাধীন ৰেইজ মট’স্পৰ্টছে ভাৰতীয় চুপাৰক্ৰছৰ হাই-অক্টেন ৱৰ্ল্ডত এক নতুন মাত্ৰা যোগ দিবলৈ সাজু হৈছে। শেহতীয়া ভাৰতীয় পাৰফৰ্মেন্স দুচকীয়া বাহনৰ বজাৰখনত গেম চেঞ্জাৰ হৈ পৰিছে এই প্ৰতিষ্ঠানটো, যিয়ে ইউৰোপৰ অত্যাধুনিক প্ৰযুক্তি আৰু পাৰফৰ্মন্স প্ৰদৰ্শন কৰিছে।

কোম্পানীটোৱে অচিৰে ভাৰতীয় দুচকীয়া বাহনৰ অনুৰাগীসকলৰ বাবে ইউৰোপৰ আগশাৰীৰ ব্ৰেণ্ডৰ ৰাইডিং গিয়েৰ, আনুষংগিক সামগ্ৰী আৰু পোছাক(এপাৰেল)ৰ এক ৰেঞ্জ আগবঢ়াব। মিটাছৰ সৈতে জেভিৰ জৰিয়তে উচ্চ-কাৰ্যক্ষম টায়াৰৰ সৈতে ৰেইজ ম’ট’স্প’ৰ্টছৰ সফলতাই এক বিশাল সামগ্ৰীৰ পৰিসৰৰ পথ প্ৰশস্ত কৰিছে, যাৰ ফলত সমগ্ৰ দেশৰ ৰাইডাৰসকলে ষ্টাইল, সুৰক্ষা আৰু প্ৰদৰ্শনৰ নিখুঁত মিশ্ৰণ অনুভৱ কৰাটো নিশ্চিত কৰিছে। চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগত এতিয়া ছটা গতিশীল দল আছে, এই দলকেইটাৰ প্ৰদৰ্শন ২০২৪ চনৰ জানুৱাৰী মাহত আৰম্ভ হ’ব।

ৰেইজ মট’স্প’ৰ্টছক আদৰণি জনাই চুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক বীৰ পেটেলে কয় যে, “ৰেইজ মট’স্প’ৰ্টছৰ সংযোজনে আমাৰ লীগলৈ উত্তেজনা আৰু দক্ষতাৰ অন্য এক স্তৰ কঢ়িয়াই আনিছে। মটৰস্পৰ্টৰ প্ৰতি মট’ৰ আবেগ আৰু সমৰ্পণ ভাৰতীয় চুপাৰক্ৰছ ৰেচিং দৃশ্যপটক উন্নত কৰাৰ আমাৰ লক্ষ্যৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংৰেখিত। আমি লীগৰ সফলতাৰ ক্ষণত তেওঁলোকৰ অৱদানৰ সাক্ষী হ’বলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *