আইঅ’টি লেব-এজ-এ-চাৰ্ভিছ প্ৰদান কৰিবলৈ চি-ডটৰ সৈতে অংশীদাৰিত্ব ভিআইৰ

ভাৰতৰ আগশাৰীৰ আইঅ’টি অপাৰেটৰ ভোডাফোন আইডিয়াই চি-ডটৰ সৈতে অংশীদাৰিত্ব কৰি এক অনন্য আইঅ’টি লেব স্থাপন কৰিছে। ২০২২ চনৰ ডিচেম্বৰ মাহত স্থাপিত এই লেবটোৱে অটোম’বাইল, ইউটিলিটি, বিএফএছআই আৰু লজিষ্টিককে ধৰি বিভিন্ন উদ্যোগৰ ৫০টাতকৈও অধিক ডিভাইছ পৰীক্ষা কৰিছে। ই এক এম2এম মানদণ্ড(ষ্টেণ্ডাৰ্ড)ৰ সৈতে সামঞ্জস্যতা পৰীক্ষা আৰু প্ৰমাণিকৰণ কৰে, যি বিআইএছৰ দ্বাৰা আইঅ’টি সমাধান ডিজাইনৰ বাবে ৰাষ্ট্ৰীয় মানদণ্ড হিচাপে গ্ৰহণ কৰা হয়। এই পৰীক্ষাগাৰে কেৱল প্ৰতিটো ডিভাইছৰ বাবে নেটৱৰ্ক পৰিৱেশন বৈধ কৰাই নহয় লগতে সমাধানৰ আন্তঃকাৰ্যক্ষমতা প্ৰমাণিকৰণতো সহায় কৰে।

ভোডাফোন আইডিয়াৰ এণ্টাৰপ্ৰাইজ শাখা ভিআই বিজনেছে এক লেব-এজ-এ-চাৰ্ভিছ পদক্ষেপ আৰম্ভ কৰিছে, যিয়ে এএমআই, সংযোজিত কাৰ, পিঅ’এছ আৰু ভিটিএছসহ বিভিন্ন উদ্যোগত ১৭৫টা পৰিস্থিতি পৰীক্ষা কৰিব পাৰে। এই পৰীক্ষাগাৰটোৱে বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ উপাদান পৰীক্ষা কৰিব পাৰে, যাৰ ভিতৰত আছে ডিভাইছ, মডিউল, ছিম, এপ্লিকেচন, ফাৰ্মৱেৰ আৰু বহুতো। ই এক আইঅ’টি পৰিৱেশ তন্ত্ৰৰ অৰ্কেষ্ট্ৰেটৰ হিচাপে কাম কৰে, সকলো অংশীদাৰৰ বাবে এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰে।

এতিয়ালৈকে ৫টা ডিভাইচক “নেটৱৰ্ক ৰেডী” হিচাপে প্ৰমাণিত কৰা হৈছে আৰু পৰীক্ষাগাৰে 5জি আৰু এনবিআইঅ’টি ডিভাইছবোৰো পৰীক্ষা কৰি আছে। এই বিষয়ে চি-ডটৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰাজকুমাৰ উপাধ্যায়ে কয় যে, “মই নিশ্চিত যে চি-ডট আৰু ভিআইৰ লগতে চি-ডটৰ দ্বাৰা আইঅ’টি/এমটুএমৰ বাবে চেণ্টাৰ অৱ ইনোভেচন(চিঅ’আই)ৰ এই সহযোগিতামূলক পদক্ষেপ ভাৰতীয় উদ্যোগ খণ্ডৰ বাবে অত্যন্ত লাভজনক হ’ব। বিশেষকৈ থলুৱা মানদণ্ড অনুসৰণকাৰী সঁজুলি আৰু এপ্লিকেচন নিৰ্মাণ আৰু ষ্টাৰ্ট-আপসমূহে প্ৰয়োগ কৰা প্ৰয়াসৰ বাবে সুবিধা হ’ব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *