অৰণ্যত সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বনৰক্ষীৰ…

অৰণ্যত সংঘটিত হোৱা বনজুইত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু এগৰাকী বনৰক্ষীৰ।

ইফালে সেই ভয়াবহ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ বৰ্তমানো হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আন এগৰাকী ডিএফআৰঅ’ই।

জানিব পৰা মতে, বৃহস্পতিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ হাছান জিলাৰ সাক্লেশপুৰ তালুকৰ কাদুমনে বাগিচাৰ সমীপৰ অনিবীডু বনাঞ্চলত সংঘটিত হৈছিল বনজুই।

সেই বনজুই নিৰ্বাপনৰ সময়ত দেহৰ ৬৫ শতাংশ অগ্নিদগ্ধ হৈছিল বনৰক্ষী সুন্দৰেশ আৰু উপ বন ৰেঞ্জ বিষয়া মঞ্জুনাথ।

দুয়োকে লগে লগে বাংগালুৰৰ ছেইণ্ট জন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মৃত্যু ঘটে বনৰক্ষী সুন্দৰেশৰ।

শিৱমোগ্গাৰ থিৰথাহল্লী তালুকৰ নিৱাসী সুন্দৰেশৰ মৃত্যুৰ পিছতে এতিয়া শোকত ভাগি পৰিছে তেওঁৰ পত্নী আৰু পৰিয়াল।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইয়ো বনৰক্ষীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *