অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাঃ ঘোষণা শিক্ষামন্ত্ৰীৰ…

প্ৰশ্নকাকত ফাদিলৰ পিছতে বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ৩০ মাৰ্চত।

উল্লেখ্য যে, ১৩ মাৰ্চ অৰ্থাৎ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।

কিন্তু ১২ মাৰ্চত সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেল হৈ পৰাৰ পিছতে মাজনিশা বাতিল কৰা হৈছিল আজি অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা।

ইয়াৰ পিছতে পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হয় এটা নতুন দিন।

সেই অনুসৰি অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব বিজ্ঞানৰ পৰীক্ষা।

ইফালে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য।

বিভিন্ন দল-সংগঠনে চৰকাৰ আৰু ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে।

শিক্ষা বিভাগে এই ফাদিল কাণ্ডৰ চিআইডি তদন্তৰ নিৰ্দেশ দিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *