অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব কলেজৰ চৌহদত

ৰাজ্যৰ আগশাৰীৰ মহাবিদ্যালয় আৰু ৰাজধানী দিছপুৰৰ কেন্দ্ৰবিন্দুতস্থিত দিছপুৰ মহাবিদ্যালয়ত মঙলবাৰে এখনি প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হৈ যায়। দিছপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ সন্মিলনত উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰা, উপাধক্ষ্যা ডঃ সুনীতা আগৰৱালাসহ অধ্যাপকসকল। ডেৰ শতাধিক প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰসকলক উদ্দেশ্যি ভাষণ আগবঢ়াই অধ্যক্ষগৰাকীয়ে। তেওঁ কয়- দিছপুৰ মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰসকলৰ ভূমিকা বহুত। তেওঁলোকৰ বাবে এতিয়াও দিছপুৰ মহাবিদ্যালয়ৰ দুৱাৰ খোলা হৈ আছে। তেওঁলোকে নিজ নিজ কৰ্ম ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতা তথা সেই দিশত কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে বৰ্তমানৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলক কব পাৰে। যাৰ দ্বাৰা বৰ্তমানৰ অধ্যয়নৰত শিক্ষাৰ্থীসকল উৎসাহিত হ’ব আৰু সেই দিশত আগবাঢ়িবলৈ সাহস লাভ কৰিব। তেওঁ লগতে কয় যে মহাবিদ্যালয়খনৰ প্ৰতিটো কাৰ্যত প্ৰাক্তন ছাত্ৰসকলে আগভাগ ল’ব লাগে। তেওঁলোকৰ অংশীদাৰীত্ব অতি প্ৰয়োজনীয়। তেওঁলোকে যদি মহাবিদ্যালয়খনৰ হকে কিবা কাম কৰিব বিচাৰে আৰু যিকোনো ধৰণৰ গুণসম্পন্ন অনুষ্ঠান আয়োজন কৰিব বিচাৰে তেওঁলোকে আয়োজন কৰিব পাৰে। ইয়াৰ বাবে মহাবিদ্যালয়ৰ দুৱাৰ সদায় খোলা আছে। প্ৰাক্তন ছাত্ৰসকলৰ অংশীদাৰীত্বইহে মহাবিদ্যালয়খনক জগত জিলিকা কৰি তুলিব। ‘নাক’ৰ গ্ৰেড সন্দৰ্ভত তেওঁ কয় যে নাক-ৰ ভাল গ্ৰেড লাভ কৰিবলৈ হলে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰসকলৰ অংশীদাৰীত্ব আৰু সঁহাৰি অতি প্ৰয়োজনীয়। মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৱা শিক্ষাৰ্থীসকলে বৰ্তমান সময়ছোৱাত কি কৰি আছে, সেই বিষয়ে বিভাগীয় মুৰব্বীক অৱগত কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু কয়- বৰ্তমান সময়ছোৱাত চৰকাৰী চৰকাৰীৰ সংখ্যা হ্ৰাস পাই আহিছে। ব্যক্তিগতখণ্ডসমূহেই এতিয়া চাকৰি দিয়াত মূল ভূমিকা বহন কৰিবলৈ ধৰিছে। এনে ক্ষেত্ৰত দিছপুৰ মহাবিদ্যালয়ে কৰ্মসংস্থাপনৰ এক বাট মুকলি কৰাৰ চিন্তা-চর্চা চলাই আছে। মহাবিদ্যালয়ৰ চৌহদত বিশেষ চাকৰি প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছে। এই প্ৰশিক্ষণত প্ৰাক্তন ছাত্ৰসকলেও অংশ গ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণৰ অন্তত কর্মসংস্থাপনৰ সুযোগ লাভ কৰিব। কর্মসংস্থাপন দিয়াৰ বাবে
বহু ব্যক্তিগতখণ্ডৰ প্রতিষ্ঠানৰ সৈতে মহাবিদ্যালয়ে সহযোগিতা কৰাৰ চেষ্টা চলাইছে। লগতে মহাবিদ্যালয়ৰ চৌহদত অসামৰিক সেৱাৰো প্ৰশিক্ষণ দিয়া হ’ব। অতি সীমিত মাচুল দানৰে সকলোৱে মহাবিদ্যালয়ৰ চৌহদত অসামৰিক সেৱাৰো প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে মহাবিদ্যালয়খনক নতুনৰূপ দিয়াৰ বাবে যত্ন কৰা হৈছে। মহাবিদ্যালয়ৰ মূল প্রৱেশ দ্বাৰাখনক ন ৰূপ দিয়াৰ চিন্তা চর্চা কৰি থকা হৈছে। এই সকলো ক্ষেত্ৰতে কিন্তু প্ৰাক্তন ছাত্ৰৰ সঁহাৰি অতি প্ৰয়োজনীয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *