অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিস্থা দিৱস অহা ৮ নবেম্বৰত গুৱাহাটীৰ পানবজাৰস্থিত ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ প্ৰথম মহলাৰ সভাগৃহত উদযাপন কৰা হব ৷ সিদিনা বিয়লি ৪ বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হবলগীয়া এই কাৰ্য্যসূচীত প্ৰতিবছৰে সন্থাৰ তৰফৰ পৰা প্ৰদান কৰাৰ দৰে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ ভিতৰত ২০২১-২২ বৰ্ষৰ চিভিল ইঞ্জিনিয়াৰিঙত শীৰ্ষস্থান লাভ কৰা মহিলা অভিযন্তা গৰাকীক নীপকোৰ প্ৰাক্তন মহা প্ৰবন্ধক প্ৰয়াত অভিযন্তা কৱিতা দেৱী চাংকাকতি সোঁৱৰণী বঁটা প্ৰদান কৰা হব ৷ ইয়াৰ উপৰিও অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা প্ৰতিবছৰে আগবঢ়াই অহাৰ দৰে এইবছৰো ২০২২ চনৰ বাবে ডিগ্ৰী আৰু ডিপ্লোমাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰা আৰ্থিক ভাৱে দুৰ্ৱল প্ৰথম বৰ্ষৰ দুগৰাকী মেধাৱী ছাত্ৰীক এককালিন ভাৱে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হব ৷ আনহাতে
সভাত সন্মানিত অতিথি হিচাবে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব পৰমেশ দত্ত উপস্থিত থাকিব ৷ সন্থাৰ তৰফৰ পৰা সভাপতি বিভা দাস শইকীয়া আৰু সম্পাদিকা অন্তৰা বৰুৱাই অহা ৮ নবেম্বৰত অনুষ্ঠিত হবলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সন্থাৰ সকলো সদস্যাৰ লগতে মহিলা অভিযন্তা সকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।
অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিস্থা দিৱস উদযাপনৰ আয়োজন
